Accident:✒️জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোত নিহত হয় দুই আৰক্ষী বিষয়া। সোমবাৰে পুৱা অমৰনাথৰ পৰা কৰ্তব্যৰ পৰা উভতি আহি থকা অৱস্থাত সংঘটিত হয় এই ঘটনা।
আহত আন এজন আৰক্ষী বিষয়া। মৃত লোকসকলৰ নাম শচীন ভাৰ্মা আৰু শুভম। আহত হৈছে মস্তান সিং।
অমৰনাথৰ কৰ্তব্য সম্পূৰ্ণ কৰি গাড়ীৰে শ্ৰীনগৰৰ পৰা জম্মুলৈ উভতি আহিছিল তিনিজন আৰক্ষী উপ-পৰিদৰ্শক। লাছজানৰ টেংগানত সংঘটিত হয় এই দুৰ্ঘটনা।
ততাতৈয়াকৈ তিনিওজনক চিকিৎসালয়লৈ লৈ যোৱাত চিকিৎসকে শচীন আৰু শুভমক মৃত বুলি ঘোষণা কৰে।
শচীন ভাৰ্মা ভাৰতীয় সংৰক্ষিত আৰক্ষীৰ ২৩ নং বেটেলিয়নত আছিল। তেওঁ শ্ৰীনগৰৰ পাঠানকোটত কৰ্মৰত আছিল। শুভমক আই আৰ পিৰ ২১ নং বেটেলিয়নত নিযুক্তি দিয়া হৈছিল। পুলৱামাৰ আৱন্তিপোৰাত কৰ্তব্যৰত আছিল। মস্তান সিং আই আৰ পিৰ ২৩ নং বেটেলিয়নত আছে।






























