China: ✒️ভাৰতৰ পাছত এইবাৰ চীন। ৰাছিয়াৰ তেল ক্ৰয় কৰাৰ অপৰাধত এইবাৰ ছি জিনপিঙৰ দেশক শাস্তি দিবলৈ ওলাইছে আমেৰিকাই।
এই কথা সদৰি কৰিলে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভ্যান্সে। তেওঁৰ মতে, ভাৰতৰ দৰে ৰাছিয়াৰ তেল ক্ৰয় কৰাৰ বাবে চীনেও শাস্তি পাব ।
বুধবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতৰ ওপৰত অতিৰিক্ত ২৫ শতাংশ শুল্ক আৰোপ কৰা বুলি ঘোষণা কৰে। তেওঁৰ মতে, ভাৰতে এতিয়াও ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰি আছে। শাস্তি হিচাপে ভাৰতীয় সামগ্ৰীৰ ওপৰত অতিৰিক্ত কৰ আৰোপ কৰা হৈছে।
অৰ্থাৎ এইবাৰ আমেৰিকাই ভাৰতীয় সামগ্ৰীৰ ওপৰত মুঠ ৫০ শতাংশ শুল্ক আৰোপ কৰিব। কাৰ্যবাহী আদেশত স্বাক্ষৰ কৰি ট্ৰাম্পে কয় যে ভাৰতৰ নতুন শুল্ক হাৰ ২১ দিনৰ পৰা কাৰ্যকৰী হ’ব।
ইয়াত স্পষ্টকৈ লিখা আছে, “ভাৰতে বৰ্তমান প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে ৰাছিয়াৰ তেল আমদানি কৰি আছে। গতিকে মই ভাবো ভাৰতৰ ওপৰত অধিক শুল্ক আৰোপ কৰাটো প্ৰয়োজন।”
কিন্তু ভাৰতে ট্ৰাম্পৰ ঘোষণাক নাকচ কৰি কয় যে, ‘আন বহু দেশেও নিজৰ জাতীয় স্বাৰ্থ বিবেচনা কৰি একে কাম কৰি আছে (ৰাছিয়াৰ তেল ক্ৰয় কৰা)। কিন্তু আমেৰিকাই কেৱল ভাৰতৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ কৰিছে, যিটো যথেষ্ট দুৰ্ভাগ্যজনক।আমেৰিকাৰ সিদ্ধান্তৰ বিৰোধিতা কৰি ক’ব বিচাৰো যে এই সিদ্ধান্ত অন্যায়, অযুক্তিকৰ আৰু অন্যায়। ভাৰতে নিজৰ জাতীয় স্বাৰ্থ ৰক্ষাৰ বাবে প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰিব।’
এই প্ৰতিক্ৰিয়াৰ পাছত অৱশ্যে ট্ৰাম্পে ইংগিত দিয়ে যে ৰাছিয়াৰ তেল আমদানি কৰা আন দেশসমূহৰ বিৰুদ্ধেও শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
অৱশ্যে ভান্সে স্পষ্ট কৰি দিছিল যে ৰাছিয়াৰ তেল আমদানি কৰাৰ ফলত চীনেও ইয়াৰ পৰিণতি ভুগিব।
ভান্সে এক সাক্ষাৎকাৰত জনাই ,ৰাষ্ট্ৰপতিগৰাকীয়ে এই বিষয়ে চিন্তা কৰিছে।কিন্তু তেওঁ এতিয়াও কোনো সিদ্ধান্ত লোৱা নাই।কাৰণ চীনৰ বিষয়টো অলপ জটিল। চীনৰ স’তে আমাৰ সম্পৰ্কৰ ওপৰত নিৰ্ভৰশীল আন বহু কথা আছে যিবোৰৰ ৰাছিয়াৰ পৰিস্থিতিৰ লগত কোনো সম্পৰ্ক নাই।”
কিন্তু এই মন্তব্যৰ কিছু সময়ৰ পাছতে ট্ৰাম্পে ছ’চিয়েল মিডিয়াত লিখিছে, ” সৰিয়হৰ নাটনিৰ বাবে চীন চিন্তিত। অৱশ্যে আমাৰ কৃষকসকলে অতি ভাল সৰিয়হ উৎপাদন কৰে। মই আশা কৰিছো চীনে সৰিয়হৰ অৰ্ডাৰ শীঘ্ৰে চাৰিগুণ বৃদ্ধি কৰিব।” এতিয়া প্ৰশ্ন উত্থাপন হয় যে, আমেৰিকাই চীনক “শাস্তি” দিবলৈ সৰিয়হক আহিলা হিচাপে ব্যৱহাৰ কৰিব নেকি?






























