কামৰূপ জিলাৰ অসম- মেঘালয় সীমান্তৱৰ্তী বকোৰ বিবাদমান আপাৰ তাৰাবাৰী আৰু নাম তাৰাবাৰীত উপস্থিত হয়। সীমা নিৰ্ধাৰণ কৰি খুঁটাপুতাক কেন্দ্ৰ কৰি দুয়োখন ৰাজ্যৰ একাংশ সমৰ্থকাৰীৰ মাজত বাক বিতণ্ডা অব্যাহত আছে ।
যোৱা ছয় আগষ্টত বকো ৰাজহ চক্ৰৰ অন্তৰ্গত গোঁসানীমাৰাত সীমা নিৰ্ধাৰণ কৰি খুঁটা পুতাক লৈ দুইখন ৰাজ্যৰ চৰকাৰী বিষয়া কৰ্মচাৰী আৰু আৰক্ষী-প্ৰশাসনৰ উপস্থিতিত বাক বিতণ্ডাৰৰে উত্তেজনাৰ সৃষ্টি হৈছিল।
খুঁটা নোপোৱাকৈ অসম চৰকাৰৰ সঁজাতী দল উভতি আহিবলৈ বাধ্য হৈছিল। ইয়াৰ মাজতে পুনৰ কামৰূপ জিলাৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ, কামৰূপ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ পাঠক,অতিৰিক্ত আয়ুক্ত গৰ্গ মোহন দাস, বকো ৰাজহ চক্ৰ বিষয়া দিৱস বৰদলৈ, বকো খণ্ড উন্নয়ন বিষয়া ৰাজীৱ দাস,বকো ব্লকৰ চেয়াৰমেন বিপুল ৰাভাকে ধৰি বকোৰ চৰকাৰী কাৰ্যালয়ৰ বিষয়া,আৰক্ষী-প্ৰশাসনৰ বৃহৎ দল এটা বকোৰ সীমান্তৱৰ্তী এলেকা পৰিদৰ্শন কৰে ।
আপাৰ তাৰাবাৰী আৰু নাম তাৰাবাৰী অঞ্চলক লৈ দীৰ্ঘদিন ধৰি বিবাদ চলি আহিছে। দুয়োটা অঞ্চল অসমৰ ভৌগোলিক এলেকাত সন্নিৱিষ্ট হৈ যদিও মেঘালয়ৰ একাংশই চল চাতুৰিৰে অসমৰ ভূমি মেঘালয়ৰ ভূমি বুলি দাবী কৰি আহিছে উল্লেখিত অঞ্চল।
দীৰ্ঘদিনীয়া এই সমস্যাৰ সমাধানৰ দিশ উন্নত কৰাৰ মানসেৰে জিলা প্ৰশাসন উপস্থিত হৈ অঞ্চলটোত। বিশেষকৈ বকোৰ আপাৰ তাৰাবাৰী আৰু নাম তাৰাবাৰী নামৰ আতি দুৰ্গম অঞ্চললৈ আৰক্ষী-প্ৰশাসনৰ দলটোৱে খোজ কাঢ়ি উপস্থিত হয়।
দলটোৱে দুয়োখন ৰাজ্যৰ বাসিন্দা আৰু সমাজ-সংগঠনৰ লগত আলাপ-আলোচনাত মিলিত হয়। সীমান্ত অঞ্চলসমূহৰ জৰীপ চলি থকাৰ কথা উল্লেখ কৰি আয়ুক্ত গৰাকীয়ে এই অঞ্চলত সীমান্তবাসী কেনেদৰে বসবাস কৰা কৰিছে মতবাদসমূহৰ কৰাৰ বাবে বকোৰ সীমান্ত অঞ্চল পৰিদৰ্শন কৰাৰ কথা সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে। পুনৰাই বকোৰ আন এটা সীমান্তৱৰ্তী এলেকাত পৰিদৰ্শন কৰিব বুলিও কয়।
একেদৰে সীমাক কেন্দ্ৰ কৰি পূৰ্বতে উদ্ভৱ হোৱা সমস্যাসমূহৰ সামাধান হ’ব বুলিও কামৰূপ জিলাৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই আশা প্ৰকাশ কৰে । এইক্ষেত্ৰত বকোত হ’ব লগা সমজিলাৰ কাৰ্যালয়ত এনেধৰণৰ সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত বহুখিনি সহায় কৰিব বুলিও উপায়ুক্ত গৰাকীয়ে ৰাইজক আশ্বাস প্ৰদান কৰে ।
আৰক্ষী- প্ৰশাসনৰ দলটোৱে সীমান্তবাসীৰ বিভিন্ন অভাৱ-অনাটনৰো বুজ লয় । অভাৱ-অনাটন সমূহো দূৰ কৰাৰ ক্ষেত্ৰতো বকো সমজিলাৰ কাৰ্যালয়ে সহায় হ’ব বুলি কয় । উল্লেখ্য যে, কাইলৈ বকো-ছয়গাঁও বিধান সভা সমষ্টিৰ বকোত সমজিলাৰ কাৰ্যালয় শুভ উদ্ধোধন কৰা হ’ব। উদ্বোধন কৰিবলৈ উপস্থিত হ’বহি ৰাজ্য চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা।






























