আমেৰিকাৰ পৰা পোনপটীয়াকৈ ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক যুদ্ধৰ সকীয়নি পাকিস্তান সেনা প্ৰধান অসীম মুনিৰ! এটা নৈশভোজত অংশগ্ৰহণ কৰি মুনিৰে দাবী কৰে যে পাকিস্তান এখন পাৰমাণৱিক শক্তিচালিত দেশ। নিজৰ বিপদ দেখিলে আধা পৃথিৱী বিপদত পেলাব।
পাকিস্তানী সেনাধ্যক্ষগৰাকীয়ে লগতে কয়, পাকিস্তানত ভাৰতত নিক্ষেপ কৰিবলৈ ক্ষেপণাস্ত্ৰৰ অভাৱ নাই।
আমেৰিকাৰ মাটিৰ পৰা তৃতীয়খন দেশৰ বিৰুদ্ধে এইবাৰ পাৰমাণৱিক আক্ৰমণৰ ভাবুকি আহিছে।
দেওবাৰে ফ্ল’ৰিডাৰ টাম্পাত উদ্যোগপতি আদনান আছাদে আয়োজন কৰা নৈশ ভোজত পাকিস্তানী সেনা প্ৰধানগৰাকীয়ে কয় ,”আমি এখন পাৰমাণৱিক অস্ত্ৰধাৰী দেশ।যদি আমি ধ্বংসৰ দিশে আগবাঢ়িছো বুলি অনুভৱ কৰোঁ তেন্তে বিশ্বৰ আধা অংশৰ স’তে আমিও ধ্বংস হ’ম।
যদিও তেওঁ ভাৰতৰ নাম উল্লেখ নাই কৰা বিশ্লেষকসকলৰ মতে মুনিৰে এই সতৰ্কবাণী ভাৰতক দিয়ে। পহলগাম আক্ৰমণৰ পিছৰে পৰা কেবাবাৰো পাকিস্তানৰ কেবাজনো নেতাই পাৰমাণৱিক যুদ্ধৰ ভাবুকি দিছে।
পাৰমাণৱিক যুদ্ধৰ ভাবুকিৰ সন্দৰ্ভত পাকিস্তান সেনা প্ৰধানে ভাৰতৰ প্ৰতি আগ্ৰাসী মন্তব্য কৰাই নহয়, সিন্ধু জল সন্ধিৰ সন্দৰ্ভতো ভাৰতৰ প্ৰতি আগ্ৰাসী মন্তব্য কৰিছে।
নৈশ ভোজত অংশগ্ৰহণ কৰি তেওঁ কয়, “আমি ভাৰতে নতুন বান্ধ নিৰ্মাণ নকৰালৈকে অপেক্ষা কৰিম। তেওঁলোকৰ বান্ধ নিৰ্মাণ হোৱাৰ লগে লগে আমি ১০টা মিছাইল নিক্ষেপ কৰি ধ্বংস কৰিম।সিন্ধু নদী ভাৰতৰ সম্পত্তি নহয়। আমাৰ মিছাইলৰ অভাৱ নাই, মনত ৰাখিব।”
মন কৰিবলগীয়া যে পহলগাম আক্ৰমণৰ পাছত ভাৰতে সিন্ধু জল সন্ধি স্থগিত ৰাখিছিল। ইয়াৰ বাবেই পাকিস্তানত ব্যাপক জল সংকটৰ সৃষ্টি হৈছে।






























