air india:✒️শুল্ক সংঘাতক লৈ কূটনৈতিক উত্তেজনাৰ মাজতে এইবাৰ বৃহৎ পদক্ষেপ এয়াৰ ইণ্ডিয়াৰ। বন্ধ কৰা হৈছে দিল্লী-ৱাশ্বিংটনৰ ‘ননষ্টপ’ বিমান সেৱা ।
ADVERTISEMENT
কোম্পানীটোৱে এক বিজ্ঞতি জাৰি কৰি কয় যে, অহা এক ছেপ্টেম্বৰৰ পৰা এই পথত কোনো বিমান চলাচল নহ’ব।
এই সেৱা কিয় বন্ধ কৰা হৈছে সেই কথাও কোম্পানীয়ে বুজাই দিছে। কোৱা হৈছে যে বিমানৰ অভাৱৰ বাবে আৰু অন্যান্য সেৱা চলি থাকিবলৈ এই পথৰ সকলো বিমান আপাততঃ বন্ধ কৰি দিয়া হৈছে।
ইয়াৰ বাহিৰেও আন এটা কাৰণ হ’ল পাকিস্তানৰ আকাশমাৰ্গ বন্ধ হোৱাৰ ফলত সৃষ্টি হোৱা সমস্যা।






























