Veteran Lyricist and Playwright Hemanta Dutta Passes Away:
মই যি বাটেৰে ওলালো আজি আৰু নাহো উভতিৰ স্ৰষ্টা যশস্বী গীতিকাৰ- নাট্যকাৰ হেমন্ত দত্তৰ দেহাৱসান। হৃদৰোগত আক্ৰান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা অৱস্থাত৮৩ বছৰ বয়সত আজি দুপৰীয়া ভাগত শেষ নিশ্বাস ত্যাগ কৰে।
অসম চৰকাৰৰ’ অসম সৌৰভ’ বঁটাৰে সন্মানিত হেমন্ত দত্তৰ মৃত্যু খবৰ বিয়পি পৰাৰ লগে লগে শোকাভিভূত হৈ পৰে পৰে তেওঁৰ গুণমুগ্ধ আৰু অনুৰাগী সকল ৷
হেমন্ত দত্তৰ জন্ম হয় দৰং জিলাৰ খাৰুপেটীয়াত ১৯৪১ চনৰ ২৪ ছেপ্টেম্বৰত৷ পিতৃৰ নাম হলিৰাম দত্ত আৰু মাতৃ বিৰজা বালা দত্ত। তেওঁ দত্ত দম্পতীৰ চতুৰ্থ সন্তান আছিল। দত্তই স্কুলীয়া শিক্ষা মঙলদৈত লাভ কৰাৰ বিপৰীতে কলেজীয়া শিক্ষা লাভ কৰে ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ত৷ কলেজীয়া শিক্ষা গ্ৰহণ কৰি থকাৰ সময়তে সংস্পৰ্শলৈ আহে ড:ভূপেন হাজৰিকা সহ বহু কেইজন বিজ্ঞলোকৰ ৷
তেওঁ মই যি বাটেৰে ওলালো আজি নাহো উভতি,এই আকাশ বৰ বিশাল, সময় গতিশীল, মেজ ভৰা আউসীৰে ৰাতি, নায়ক হ’ব খুজি, খলনায়ক হলি, নহ’লে পৰিচয় হিয়াৰে, গছে বনে সেউজীয়া, ল’ৰালিয়েও দেও দিয়া, মন মোৰ উৰিছে, বৰষা তুমি আহা, জিৰি জিৰি ,শেৱালী পাহিয়ে কোমল মিচিকি হাঁহিয়ে, বুকু ভৰা এই তৃষা যে, জীউ তুমি মৰমৰে মৌ’শীৰ্ষক বহু কালজয়ী গীত ৰচনা কৰি গৈছে ৷
হেমন্ত দত্তই অসমীয়া সংগীত আৰু নাট্যক্ষেত্ৰ খনলৈ আগবঢ়োৱা অৱদানৰ বাবে ভবেন বৰুৱা বঁটা (২০১৭), ভবেন্দ্ৰ নাথ শইকীয়া বঁটা (২০১৮-১৯), মুন লাইট মিডিয়া বঁটা, অসম নাট্য সন্মিলনী বঁটা, অতুল চন্দ্ৰ হাজৰিকা বঁটা, নাট্য সিন্ধু বঁটা, গুৰুজী আদ্য শৰ্মা বঁটা (২০১৮) আৰু পৰৱৰ্তী সময়ত অসম চৰকাৰৰ অসম সৌৰভ’ বঁটা লাভ কৰিছিল।






























