Shigeko Kagawa:✒️বিশ্বৰ ভিতৰতে অধিক দীর্ঘায়ু লোকৰ দেশৰূপে খ্যাতি অর্জন কৰি আহিছে জাপানে। বিশ্বৰ দ্বিতীয় স্থানৰ চহকী দেশ দ্বীপৰাষ্ট্ৰখনৰ লোকসকলৰ দীৰ্ঘায়ুৰ মূল কাৰণ হৈছে স্বাস্থ্যসম্মত জীৱনশৈলী অনুসৰণ কৰাটো।
প্ৰচুৰ ধন অৰ্জন কৰিলেও জাপানী লোকসকলে উচ্ছৃংখল জীৱন যাপন নকৰে। তাৰ পৰিৱৰ্তে স্বাস্থ্য সচেতনতা ধৰি ৰাখি সুষম খাদ্য গ্রহণ কৰে আৰু সক্রিয় জীৱনশৈলী অনুসৰণ কৰে। দেশখনৰ চহকী ঐতিহ্যকো জাপানী লোকসকলে ধৰি ৰখাৰ যৎপৰোনাস্তি চেষ্টা কৰে। এনে কাৰকৰ প্ৰভাৱত সাধাৰণতে দেশখনৰ অধিকাংশ লোক দীর্ঘ জীৱনৰ গৰাকী হয়।
শেহতীয়াভাৱে ১১৪ বছৰ পূৰ্ণ কৰিছে জাপানৰ নাৰা জিলাৰ শ্বিকেগ’ কাগাৱা নামৰ বিখ্যাত মহিলাগৰাকীয়ে। ইয়াৰ জৰিয়তে অৱসৰপ্ৰাপ্ত চিকিৎসকগৰাকী দেশখনৰ সবাতোকৈ বয়স্ক ব্যক্তিত পৰিণত হৈছে। তেওঁৰ পূৰ্বে এই এই স্বীকৃতি অর্জন কৰিছিল মিয়’ক’ হিৰ’য়াছু নামৰ লোকজনে।
১১৪ বছৰ বয়সত মিয়’ক’ৰ বিয়োগ ঘটে। সম্প্রতি ১১৪ বছৰ পূৰ্ণ কৰা কাগাৱাৰ জন্ম হয় যোৱা শতিকাৰ আৰম্ভণি অর্থাৎ ১৯১১৩। স্বাস্থ্যসম্মত জীৱনশৈলী অনুসৰণ,সক্ৰিয়তাৰে সময় পাৰ কৰা, সুষম আহাৰ গ্ৰহণ আদিৰ জৰিয়তে যে তেওঁ এক দীর্ঘজীৱন লাভ কৰিবলৈ সক্ষম হৈছে সেয়া কোৱা বাহুল্য মাথোন।
নিজৰ স্বাস্থ্যসম্মত সচেতনতাৰ উপৰি এই ক্ষেত্ৰত ক্রিয়া কৰে চিকিৎসা বিজ্ঞানৰ উন্নতিয়ে। বিগত শতিকাৰ আৰম্ভণিতে জন্মলাভ কৰা কাগাৱাই কৈশোৰ কালতে প্রত্যাহ্বানৰ সন্মুখীন হ’ব লগা হয়। তেতিয়া চিকিৎসা বিজ্ঞানৰ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত নাৰীক উৎসাহিত কৰা নহৈছিল।
গতিকে নাৰীয়ে চিকিৎসা বিজ্ঞানৰ শিক্ষা গ্ৰহণৰ প্রতি আগ্রহ প্রকাশ কৰা নাছিল। তেতিয়া নাৰীয়ে চিকিৎসা শিক্ষা গ্ৰহণ কৰা কাৰ্য এক বিৰল ঘটনা আছিল। এনে লিংগজনিত প্রত্যাহ্বান অতিক্রম কৰি কাগাৱাই চিকিৎসা শিক্ষা গ্রহণ কৰে।
তেওঁ টকিঅ’ত চিকিৎসা শিক্ষা গ্রহণ কৰে। দ্বিতীয় বিশ্বযুদ্ধৰ পূর্বে তেওঁ চিকিৎসা বিজ্ঞানৰ ডিগ্রী গ্ৰহণ কৰে। ইয়াৰ লগে লগে চিকিৎসা বিজ্ঞানৰ শিক্ষা ক্ষেত্ৰত থকা লিংগজনিত প্রাচীৰ অতিক্ৰম কৰা সকলৰ অন্যতম পৰিণত হয়। যুদ্ধকালীন সময়ত তেওঁ জাপানৰ অ’ছাকাত চিকিৎসা সেৱা আগবঢ়াবলৈ লয়।
স্বাভাৱিকতে তেতিয়া আধুনিক চিকিৎসা বিজ্ঞান একপ্ৰকাৰ চালুকীয়া অৱস্থাত আছিল। সমল সীমিত আছিল। এনে বাধ্যবাধকতাৰ মাজেৰে তেওঁ অ’ছাকাত চিকিৎসা সেৱা আগবঢ়োৱাৰ পাছত গৃহ চহৰলৈ উভতি আহে। তাত তেওঁ পৰিয়ালৰ চিকিৎসা সেৱা প্ৰতিষ্ঠা প্রতিষ্ঠানত সেৱা আগবঢ়াবলৈ লয়।
গৃহ চহৰত তেওঁ প্রসূতি ৰোগ বিশেষজ্ঞৰূপে সেৱা আগবঢ়ায়। এনেদৰে তেওঁ ৮৬ বছৰ বয়সলৈ চিকিৎসা সেৱা আগবঢ়ায়। ইয়াৰ জৰিয়তে তেওঁৰ শাৰীৰিক, মানসিক দৃঢ়তাও ফুটি উঠে। গতিকে তেওঁৰ জীৱনেও বহুতক অনুপ্রাণিত কৰি আহিছে।
২০২১ত ক’ভিড মহামাৰীৰ মাজতে অনুষ্ঠিত টকিঅ’ অলিম্পিকৰ শিখা কঢ়িয়ায় কাগাৱাই। ইয়াৰ জৰিয়তে তেওঁ অলিম্পিকৰ শিখা কঢ়িওৱা সবাতোকৈ বয়স্কসকলৰ মাজত স্বীকৃতি অর্জন কৰে।
তেতিয়া তেওঁৰ বয়স হৈছিল ১০৯ বছৰ। এনে এক বয়সত অলিম্পিকৰ শিখা কঢ়িওৱাৰ বাবে কাগাৱাই সমগ্ৰ বিশ্বৰ সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰে। নিজৰ জীৱনৰ জৰিয়তে কাগাৱাই সমগ্র বিশ্বৰ বয়স্ক ব্যক্তিসকলকো অনুপ্রাণিত কৰি আহিছে।
একো নোকোৱাকৈ তেওঁ এই সকললৈ শক্তিশালী বাৰ্তা প্ৰেৰণ কৰি আহিছে। যেন তেওঁ ক’বলৈ বিচাৰে সমাজলৈ অৱদান আগবঢ়োৱা, আনক অনুপ্রাণিত কৰা আৰু জীৱন উদ্যাপনত বয়স হেঙাৰ নহয়! জাপানৰ বহুতৰ মতে কাগাৱা দেশখনৰ ইকিগাই দৰ্শনৰ জীৱন্ত উদাহৰণত পৰিণত হৈছে।
ইকিগাই দর্শনে দীর্ঘায়ুৰ বাবে এক উদ্দেশ্যপূর্ণ জীৱন আৰু প্ৰতিটো দিন আনন্দ-স্ফূৰ্তিৰ মাজেৰে কটোৱাত গুৰুত্ব আৰোপ কৰে। উল্লেখ্য যে কাগাৱাই একালত হিৰোশ্বিমাত শিক্ষকতাও কৰিছিল। তেওঁ তিনিটি শিশুক ডাঙৰ-দীঘলো কৰে।
আনহাতে, দীর্ঘায়ু লাভসম্পৰ্কত কাগাৱাই এক সৰল, অথচ গভীৰ অৰ্থপূর্ণ ব্যাখ্যা আগবঢ়াইছে। তেওঁ কয়, ‘মোৰ একো নাই। মই প্রতিদিনে খেলা-ধূলা কৰো। মোৰ শক্তিয়েই মোৰ সবাতোকৈ ডাঙৰ সম্পদ। মই য’লৈ যাবলৈ বিচাৰো তালৈকে যাওঁ। যি খাবলৈ বিচাৰো তাকে খাওঁ। যি কৰিবলৈ বিচাৰো তাকে কৰো। মই মুক্ত আৰু স্বাধীন।’
দৈনন্দিন জীৱন হাঁহি-ধেমালিৰ মাজেৰে পাৰ কৰাৰ উপৰি স্বনিৰ্ভৰশীলতা, স্বাধীন জীৱনশৈলীৰ বাবে দীর্ঘায়ু লাভকৰা বুলি তেওঁ ইংগিত দিয়ে। একেদৰে মানসিক দিশত সুস্থ-সবলতা, সক্ৰিয়তাৰে জীৱন-যাপন আৰু ব্যক্তিগত সুখো তেওঁৰ দীর্ঘ জীৱনৰ আঁৰত আছে বুলি প্রৌঢ়াগৰাকীয়ে কয়।
লক্ষ্যণীয়ভাৱে জাপানৰ লোকসকলে বিশেষকৈ এশ বছৰ পূৰ্ণ কৰা সকলে কাগাৱাৰ জীৱনশৈলী অনুসৰণ কৰে। এই সুঅভ্যাসে তেওঁলোকক দীর্ঘ আয়ুস প্রদান কৰিছে বুলি চর্চিত হয়। উল্লেখ্য যে জাপান চৰকাৰৰ তথ্য অনুসৰি বৰ্তমানে দেশখনৰ মুঠ জনসংখ্যাৰ ১০ শতাংশৰ বয়সেই ৮০ আৰু ইয়াৰ ঊর্ধ্বৰ।
এশ বছৰ পূৰ্ণ কৰা ব্যক্তিৰ সংখ্যাও বহুত। অৱশ্যে দেশখনৰ এক বুজন সংখ্যক নাগৰিকৰ বয়সীয়াল হোৱাটোৱে চৰকাৰৰ সন্মুখত প্রত্যাহ্বানৰো সৃষ্টি কৰিছে। কাৰণ এনে লোকসকলৰ চিকিৎসা, যতন আৰু পেন্সনৰ বাবদ চৰকাৰে বুজন অংকৰ ধন ব্যয় কৰিবলগীয়া হৈ আহিছে।






























