Goalpara Sex Racket:
মহানগৰীত কে’বাখনো বিলাসী হোটেল আৰু পাৰ্লাৰত নাৰী দেহৰ ঘাটি উৎখাত কৰাৰ পিছত এইবাৰ আন এটা ঘাটি উৎখাত হ’ল গোৱালপাৰা চহৰৰ পঞ্চৰত্ন লজ’ত ৷ এই সংক্ৰান্তত আটক হয় এহাল যুৱক- যুৱতী।নাৰী দেহ ব্যৱসায়ীৰ ঘাটিত পৰিণত হৈছে চহৰত থকা প্ৰায় বোৰ হোটেল । কাৰ ছত্রছায়াত গোৱালপাৰা চহৰৰ হোটেল বোৰত চলে নাৰী দেহৰ ৰমৰমীয়া ব্যৱসায়।
সোমবাৰে নিশাৰ ভাগত গোৱালপাৰা আৰক্ষীয়ে চহৰ খনৰ মাজমজিয়াত থকা পঞ্চৰত্ন লজ’তঅৰ্তকিতে চলায় অভিযান । অভিযানত লজ’ৰ ভিতৰত অনৈতিক কাৰ্য্যত লিপ্ত হৈ থকা কেইজনো যুৱক- যুৱতীক আটক কৰে আৰক্ষীয়ে ৷
প্ৰাপ্ত খবৰ মতে, গোৱালপাৰাৰ পঞ্চৰত্ন লজত দীৰ্ঘদিন ধৰি নাৰী দেহৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল লজটোৰ মালিক মাজেদুল ইছলামেৱ।নিশা হলেই লজ’ত ভৰি পৰে যুৱক যুৱতীৰ আড্ডা।কেৱল পঞ্চৰত্ন লজে নহয় চহৰ খনৰ মাজমজিয়াত থকা প্ৰায় বোৰ হোটেলত চলে নাৰী দেহৰ ৰমৰমীয়া ব্যৱসায়।গোৱালপাৰা বাসী ৰাইজৰ এই অভিযোগ দীৰ্ঘদিনীয়া।
অৱশেষত সোমবাৰে নিশাৰ ভাগত ৰাইজৰ অভিযোগৰ ভিত্তিত গোৱালপাৰা আৰক্ষীয়ে অভিযান চলাই নাৰী দেহ ব্যৱসায়ীৰ ঘাটি উৎখাত কৰি কেইবাজনো যুৱক- যুৱতীক কৰায়ত্ত কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।






























