Hindu Suraksha Sena:
কোনো সন্ত্রাসবাদী সংগঠনৰ ভয়-ভাবুকিৰ ওচৰত সেও নামানি অহা ১৫ আগষ্টত মুক্তমনে, স্বতঃস্ফূর্তভাবে আৰু সর্বাত্মকৰূপেৰে দেশৰ স্বাধীনতা দিৱস উদ্যাপন কৰিবলৈ অসমবাসীৰ প্রতি আহ্বান জনাইছে হিন্দু সুৰক্ষা সেনা, অসমে।
আজি এক প্ৰেছ বিবৃতিৰ জৰিয়তে উক্ত আহ্বান জনাই সংগঠনটোৰ কেন্দ্রীয় সমিতিৰ সভাপতি কাঞ্চন নাথ আৰু সাধাৰণ সম্পাদক আকাশ শইকীয়া কয় যে প্রতিবছৰৰ দৰে এইবাৰো স্বাধীনতা দিবস বৰ্জনৰ লগতে ১৫ আগষ্টত অসম বন্ধৰ আহ্বান জনাই আলফা (স্বাধীন)য়ে এই যি বিবৃতি জাৰি কৰিছে, সেই বিবৃতিত পুৰণি, অর্থহীন কথা বিলাকৰে পুনৰাবৃত্তি কৰি থকা হৈছে। শব্দ আৰু ভাষাৰ কাৰচাজিৰে এই একেখিনি কথা কৈ কৈয়েই পৰেশ বৰুবাহঁতে বিগত বছৰবোৰত তথাকথিত স্বাধীনতাৰ সপোন দেখুৱাই শশ থলগিৰি লোকক মৃত্যুৰ মুখলৈ থেলি দিলে বুলি অভিযোগ উত্থাপন কৰি নাথ আৰু শইকীয়াই কয় যে পৰেশ বৰুৱাৰ নিচিনা চীন আৰু বাংলাদেশৰ গোলাম এজনে বা আলফা (স্বাধীন)ৰ নিচিনা বিদেশী ৰাষ্ট্ৰৰ গোলাম সংগঠন এটাই অসমক কাৰোবাৰ গোলাম বুলি কোৱাটো বা তথাকথিত স্বাধীনতাৰ বাবে সংগ্রাম কৰা বুলি কোৱাটোৱেই এক চূড়ান্ত হাস্যকৰ ঘটনা।
অসমৰ ৰাইজে পৰেশ বৰুৱাহঁতৰ ভণ্ডামী ভালদৰেই বুজি পাইছে বুলি মন্তব্য কৰে। লগতে বিবৃতিটোত সেনাৰ কেন্দ্রীয় সম্পাদক মিঠুন দাসে কয় যে, ৰাজ্যৰ থলগিৰি জনতাই এতিয়া নিজৰ প্ৰকৃত শত্রু কোন সেয়াও স্পষ্ট ৰূপত বুজি উঠিছে আৰু সেই শত্রুৰ বিৰুদ্ধে যুঁজিবলৈ আৰম্ভ কৰিছে। একেটা বিবৃতিতে তেওঁলোকে পৰেশ বৰুৱাক ইছলামিক সম্প্ৰসাৰণবাদী চক্ৰৰ দালাল বুলি অভিহিত কৰি ভৱিষ্যতে অসম বিষয়ত কোনোধৰণৰ মাত নামাতিবলৈকো আলফা (স্বাধীন)ক সঁকিয়াই দিয়ে। সেনাৰ নেতা দুগৰাকীয়ে কয় যে-পৰেশ বৰুৱা আৰু আৰু তেওঁৰ দস্যু বাহিনীটো এতিয়া অসমৰ জনজীৱনত একেবাৰেই অপ্রাসংগিক।






























