আমেৰিকাৰ স’তে কূটনৈতিক উত্তেজনাৰ মাজতে ভাৰতে ৰাছিয়াৰ স’তে সম্পৰ্ক সুদৃঢ় কৰি তুলিছে। ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ পাছত এইবাৰ মস্কোলৈ গৈছে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ।
২১ আগষ্টত ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী চাৰ্গেই লাভৰভৰ স’তে বৈঠকত মিলিত হোৱাৰ কথা।এটা বিবৃতিত ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ে কয় যে দুয়োখন দেশৰ বৈদেশিক মন্ত্ৰীসকলে দ্বিপাক্ষিক সম্পৰ্ক আৰু বিভিন্ন আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত সহযোগিতা সম্পৰ্কে আলোচনা কৰিব।
শেহতীয়াকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰিছিল। প্ৰথম অৱস্থাত ২৫ শতাংশ শুল্ক আছিল যদিও পিছলৈ আমেৰিকাই ইয়াক ৫০ শতাংশলৈ বৃদ্ধি কৰিলে।
ভাৰতৰ ওপৰত এই শুল্ক আক্রমণ যে ৰাছিয়াৰ স’তে থকা ব্যৱসায়িক সম্পর্কৰ বাবেই হৈছে, সেই কথা আমেৰিকাৰ ৰাষ্ট্রপতিগৰাকীয়ে লুকুৱাই ৰখা নাই৷
ৰাছিয়া আৰু ভাৰতক একেটা বন্ধনত ৰাখি দুয়োখন দেশৰ অৰ্থনীতিক তেওঁ “মৃত” বুলি কটাক্ষ কৰে ।
অৱশ্যে ট্ৰাম্পৰ শুল্ক ভাবুকিৰ পাছতে ভাৰতে ৰাছিয়াৰ স’তে বাণিজ্যিক সম্পৰ্ক বন্ধ কৰা নাই। বৰঞ্চ নতুন দিল্লীয়ে স্পষ্ট কৰি দিছে যে দীৰ্ঘদিনীয়া বাণিজ্যিক অংশীদাৰৰ স’তে সম্পৰ্ক অধিক শক্তিশালী কৰিব বিচাৰিছে।
আমেৰিকাৰ ভাবুকিৰ পাছত ভাৰতে স্পষ্ট কৰি দিছে যে দেশৰ স্বাৰ্থত কোনো আপোচ নহ’ব। কেন্দ্রীয় বাণিজ্য মন্ত্রী পীয়ুষ গোৱেলেও কয় যে ভাৰত এতিয়া অতি শক্তিশালী দেশ আৰু কোনো প্রকাৰে নমস্কাৰ নকৰে৷
এই কূটনৈতিক উত্তেজনাৰ মাজতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ স’তে ফোনযোগে কথা পাতিছিল।
পুটিনক নিজৰ “বন্ধু” বুলি অভিহিত কৰি মোদীয়ে ছ’চিয়েল মিডিয়াত লিখিছে যে দুয়োজনে ভাৰত-ৰাছিয়াৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। দুয়োখন দেশৰ মাজত কৌশলগত অংশীদাৰিত্ব বৃদ্ধিৰ কথাও তেওঁলোকে আলোচনা কৰে।






























