Meat Shop Closure: ✒️বিজেপি শাসিত মহাৰাষ্ট্ৰত পুনৰ বিতৰ্ক। এইবাৰ স্বাধীনতা দিৱসৰ দিনা কেবাখনো পৌৰসভাই মাংসৰ দোকান বন্ধ কৰাৰ নিৰ্দেশ দিছে। ইয়াৰ সমান্তৰালকৈ কংগ্ৰেছ শাসিত হায়দৰাবাদ চহৰ তেলেংগানাতো একেধৰণৰ নিৰ্দেশ চৰ্চালৈ আহিছে। যাক লৈ এতিয়া আৰম্ভ হৈছে বিতৰ্ক।
এই ঘটনাৰ প্ৰতিবাদত গৰজি উঠিছে এআইএমআইএমৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিৰ।
প্ৰাপ্ত তথ্য অনুসৰি,মহাৰাষ্ট্ৰৰ সম্ভাজিনগৰ পৌৰসভাই ১৫ আগষ্টৰ পৰা ২০ আগষ্টৰ ভিতৰত মহাৰাষ্ট্ৰৰ ভিতৰতে সকলো মাংস বিপণী আৰু বধশালা বন্ধ কৰাৰ নিৰ্দেশ দিছে।
মহাৰাষ্ট্ৰৰ নাগপুৰ আৰু কল্যাণ পৌৰসভা আৰু তেলেংগানাৰ হায়দৰাবাদতো একেধৰণৰ নিৰ্দেশ জাৰি কৰিছে।
ছাত্রপতি সম্ভাজিনগৰ পৌৰসভাই জানিবলৈ দিয়া মতে,১৫ আগষ্টত জন্মাষ্টমীৰ বাবে মাংসৰ দোকান বন্ধ কৰি ৰাখিবলৈ নিৰ্দেশ দিছে।
এই নিৰ্দেশ পালন নকৰিলে ছাত্ৰপতি সম্ভাজিনগৰ আৰক্ষী আয়ুক্ত আৰু পৌৰ প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব।
এই নিৰ্দেশ কাৰ্যকৰী কৰিবলৈ এটা দল গঠন কৰা হ’ব বুলিও কোৱা হৈছে। এই নিৰ্দেশ মহানগৰীৰ সকলো থানা আৰু ৱাৰ্ড বিষয়ালৈও প্ৰেৰণ কৰা হৈছে।
এআইএমআইএমৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিৰয়ে এক্সৰ এটা পোষ্টত এই নিৰ্দেশক অসাংবিধানিক বুলি কৈছে ।তেওঁ নিজৰ পোষ্টত লিখিছে যে স্বাধীনতা দিৱস উদযাপন আৰু মাংস খোৱাৰ মাজত কোনো সম্পৰ্ক নাই।
তেওঁৰ দাবী, তেলেংগানাৰ ৯৯ শতাংশ লোকে মাংস খায়। গতিকে মাংসৰ দোকান বন্ধ কৰাৰ নিৰ্দেশ আচলতে মানুহৰ স্বাধীনতা, গোপনীয়তা, সংস্কৃতি, পুষ্টি আৰু ধৰ্মীয় অধিকাৰৰ ওপৰত আঘাত হানিছে।
আনহাতে, এন ডি এ মিত্ৰজোঁটৰ অংশীদাৰ তথা মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰীয়ে এনে নিষেধাজ্ঞা ভুল বুলি দাবী কৰি এই নিৰ্দেশৰ বিৰুদ্ধে মাত মাতিছে।






























