wrestler Sushil Kumar:✒️সাগৰ ধনখড়ৰ হত্যাকাণ্ডৰ অভিযুক্ত মল্লযুঁজাৰু সুশীল কুমাৰৰ জামিন বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে। লগতে এসপ্তাহৰ ভিতৰত তেওঁক আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে।
চলিত বৰ্ষৰ মাৰ্চ মাহত দিল্লী উচ্চ ন্যায়ালয়ে ৫০ হেজাৰ টকাৰ ব্যক্তিগত বণ্ডত তেওঁৰ জামিন আবেদন মঞ্জুৰ কৰিছিল। মৃত সাগৰ ধনখড়ৰৰ পিতৃ অশোক ধনখড়ৰে এই জামিনৰ বিৰোধিতা কৰি আদালতৰ কাষ চাপিছিল। বুধবাৰে তেওঁৰ আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ৰ এই ৰায়দান।
হত্যাকাণ্ডৰ গোচৰত প্ৰায় তিনি বছৰতকৈও অধিক সময় তিহাৰ কাৰাগাৰত বন্দী হৈ আছিল সুশীল কুমাৰ। প্ৰথম অৱস্থাত দিল্লীৰ নিম্ন ন্যায়ালয়ে সুশীলৰ জামিন আবেদন নাকচ কৰে আৰু পাছত তেওঁৰ অধিবক্তা আৰ এছ মালিকে উচ্চ ন্যায়ালয়ত আবেদন জনায়।
ইয়াৰ পাছত ন্যায়াধীশ সঞ্জয় কাৰেল আৰু প্ৰশান্ত কুমাৰ মিশ্ৰৰ বিচাৰপীঠে চলিত বৰ্ষৰ চাৰি মাৰ্চত সুশীল কুমাৰৰ জামিন আৱেদন মঞ্জুৰ কৰে।
উল্লেখ্য যে ২০২৩ চনৰ জুলাই মাহত আঁঠুৰ অস্ত্ৰোপচাৰৰ বাবে তেওঁক সাত দিনৰ বাবে অন্তৱৰ্তীকালীন জামিন লাভ কৰা হৈছিল।
স্মৰ্তব্য যে,২০২১ চনৰ চাৰি মে’ত দিল্লীত প্ৰাক্তন ৰাষ্ট্ৰীয় চেম্পিয়ন সাগৰ ধনখড়ৰ মৃত্যু হৈছিল।সেই ঘটনাত সুশীল কুমাৰৰ ওপৰত অভিযোগৰ আঙুলি উঠিছিল।
অলিম্পিকৰ পদক বিজয়ী মল্লযুঁজাৰুগৰাকীৰ লগতে আন কেবাজনো লোকে দিল্লীৰ ছাত্ৰশাল ষ্টেডিয়ামৰ পাৰ্কিং ল’টত ধনখড় আৰু তেওঁৰ দুই বন্ধু সোণু আৰু অমিত কুমাৰক তীব্ৰ প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল।
আঘাতৰ বাবে সাগৰ ধনখড়ৰ মৃত্যু হয়।ইয়াৰ পাছতে সুশীল কুমাৰ পলাতক অৱস্থাত থাকে । ১৮ দিনৰ অন্তত দিল্লী আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে।
বাকী অভিযুক্তই কয় যে তেওঁলোকে সুশীলৰ নিৰ্দেশত সাগৰক প্ৰহাৰ কৰে। জেৰাৰ সময়ত সুশীলেও অভিযোগ স্বীকাৰ কৰি কয় যে তেওঁ সাগৰক শিক্ষা দিব বিচাৰিছিল আৰু তেওঁক হত্যা কৰাৰ কোনো উদ্দেশ্য নাছিল। এই গোচৰত সুশীলকে ধৰি ১৭জন লোকৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা হয়।






























