FIR:✒️প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হাৰিয়ানাৰ পানীপাটত ‘বেটি বচাও, বেটি পঢ়াও’ আঁচনিৰ আৰম্ভ কৰে। বিজেপিৰ শাসনাধিষ্ঠিত হাৰিয়ানাত মহিলা ভ্ৰূণ হত্যাৰ সংখ্যা বৃদ্ধি পাইছে।
কেৱল অবৈধ গৰ্ভপাতৰ কৰোৱাই নহয়, গৰ্ভপাত কৰিবলৈ ব্যৱহাৰ কৰা কিটৰ সংখ্যাও দ্ৰুতগতিত বৃদ্ধি পাইছে। সূত্ৰৰ অনুসৰি, অবৈধ গৰ্ভপাত ৰোধৰ বাবে চলিত বৰ্ষত সমগ্ৰ ৰাজ্যখনত বিভিন্ন থানাত এই সন্দৰ্ভত ১২০টাতকৈও অধিক এফআইআৰ দাখিল কৰা হৈছে।
ৰাজ্যৰ স্বাস্থ্য বিভাগৰ এক সূত্ৰৰ মতে, প্ৰতি বছৰে হাৰিয়ানাৰ ল’ৰাৰ তুলনাত কন্যা সন্তানৰ জন্মৰ হাৰ বিপুল হাৰত হ্ৰাস পাইছে।
হাৰিয়ানাৰ অতিৰিক্ত মুখ্য সচিব (স্বাস্থ্য) সুধিৰ ৰাজপালে জনাইছে যে, ১২ সপ্তাহতকৈ অধিক গৰ্ভৱতী মহিলাৰ গৰ্ভপাতৰ ওপৰত স্বাস্থ্য বিভাগে নিৰীক্ষণ কৰিছে। যিসকল মহিলাৰ এগৰাকী বা ততোধিক কন্যা সন্তান আছে তেওঁলোকৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া হৈছে।
সুধিৰ ৰাজপালে জনাইছে যে, ১২০টা গোচৰৰ ভিতৰত ৩৯টা গোচৰ আদালতত বিচাৰাধীন হৈ আছে। ৪৭টা গোচৰৰ তদন্ত চলি আছে।
আদালতৰ গোচৰসমূহ যাতে আৰক্ষী আৰু আইনৰ সহায়ত নিষ্পত্তি কৰা হয় আৰু দোষীক শাস্তি দিয়া হয় তাৰ বাবে সকলো জিলাৰ মুখ্য চিকিৎসা বিষয়াক নিৰ্দেশ দিয়া হৈছে।
অতিৰিক্ত মুখ্য সচিবগৰাকীয়ে জনাই যে অবৈধ গৰ্ভপাত আৰু লিংগ নিৰ্ণয়ৰ লগত জড়িত চক্ৰ বিষয়ে জানিবলৈ স্বাস্থ্য বিষয়াৰ স’তে যৌথভাৱে অভিযান চলাবলৈও আৰক্ষীক নিৰ্দেশ দিয়া হৈছে।
ইয়াৰ উপৰিও সুধিৰে উল্লেখ কৰিছে যে স্বাস্থ্য বিভাগৰ সঞ্চালক প্ৰধানৰ অনুমতি অবিহনে পিএনডিটি PNDT (pre-natal diagnostic techniques)ৰ কোনো ন’ডেল বিষয়াক বদলি কৰিব নোৱাৰিব।
ইতিমধ্যে হাৰিয়ানা চৰকাৰে অবৈধ লিংগ নিৰ্ণয় আৰু গৰ্ভপাতৰ গোচৰৰ তদন্তৰ বাবে টাস্ক ফ’ৰ্চ গঠন কৰিছে। এই টাস্ক ফ’ৰ্চত স্বাস্থ্য, মহিলা আৰু শিশুৰ বিকাশ, নিচাযুক্ত দ্ৰব্য নিয়ন্ত্ৰণ বিভাগ, আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকলো অন্তৰ্ভুক্ত আছে।
তদুপৰি ৰাজ্যৰ ৩০০টা ব্যক্তিগত পেথ’লজিকেল লেবৰ অনুজ্ঞাপত্ৰও বাতিল কৰা হৈছে।






























