Artificial Flood in Guwahati:
মুষলধাৰ বৰষুণত মহানগৰ হৈ পৰিল পুনৰ মহাসাগৰ ৷ নিশাৰে পৰা আবেলিকৈ অব্যাহত থকা বৰষুণৰ ফলত সদাব্যস্ত প্ৰায়বোৰ বাট- পথৰ লগতে বহু আবাসিক অঞ্চল হৈ পৰে জলমগ্ন ৷বিশেষকৈ অনিল নগৰ,নবীন নগৰ,হাতীগাঁও, চাৰ্ভে, ৰুক্মিণীগাঁও,ৰাষ্ট্ৰীয় ঘাইপথৰ বৰাগাঁৱৰ চাৰ্ভিছ পথত এককাল পৰ্যন্ত পানী ৷ যাৰবাবে পানীৰ মাজতেই বিকল হৈ পৰিল বহু বাহন।ভয়ংকৰ কৃত্রিম বানৰ বাবে গুৱাহাটীৰ বহু বিদ্যালয় বন্ধ ঘোষণা কৰে কৰ্তৃপক্ষই।
ADVERTISEMENT
আনহাতে এজাক বৰষুণ দিলেই কৃত্ৰিম বানৰ সন্মুখীন হোৱা অনিল নগৰ পুনৰ জলমগ্ন হৈ পৰাত আবাসী সকল হৈ পৰে জলবন্দী ৷ ইতিমধ্যে অনিল নগৰলৈ অনা হৈছে ৰাবাৰ বোট। একেদৰে কেইবাটাও মেচিনেৰে নিষ্কাষণ কৰি থকা হৈছে পানী।






























