Tinsukia Incident:
ৰাজ্যজুৰি মিঞা কেন্দ্ৰীক বিষয়ক লৈ উত্তাল হৈ থকাৰ মাজতে অনা অসমীয়া মুছলমানৰ হাতত প্ৰহ্ত হ’ল এজন খিলঞ্জীয়া অসমীয়া যুৱক ৷ এগৰাকী খিলঞ্জীয়া ভূমিপুত্ৰ যুৱক তথা ডেলিভাৰী বয়ক আক্ৰমণ অনা অসমীয়া মুছলমান যুৱকৰ । পেটৰ তাড়নাত ডেলিভাৰী বয়ৰ কৰ্ম কৰা খিলঞ্জীয়া ভূমিপুত্ৰ যুৱকক চোৰ সজোৱাৰ অপচেষ্টা অসমীয়া মুছলমান যুৱকৰ ৷
তিনিচুকীয়া জিলাৰ তালাপ আৰক্ষী চকীৰ অন্তৰ্গত তালাপ চহৰৰ সমীপৰ টেঙাগাঁৱত সংঘটিত হয় এই ঘটনা । পাৰ্চেল দিবলৈ যোৱা তালাপ বেতনী গাঁৱৰ প্ৰণৱজ্যোতি মৰাণ নামৰ ডেলিভাৰী বয় গৰাকীক আক্ৰমণ কৰে নৌচাদ হুছেইন ওৰফে নাজিৰে ৷
নৌচাদ হুছেইন ওৰফে নাজিৰৰ পত্নী নামত থকা পাৰ্চেল প্ৰদান কৰিবলৈ যোৱাৰ পাছত পাৰ্চেল গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰি নৌচাদ হুছেইন ওৰফে নাজিৰে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰিছে ভূক্তভোগী যুৱক জনে ৷
আৰক্ষীক অভিযোগ দিবলৈ যোৱাৰ সময়ত আৰক্ষী চকীৰ সমীপতে পুনৰ নৌচাদ হুছেইন ওৰফে নাজিৰৰ ভাতৃ নাচিৰ হুছেইনে প্ৰণৱজ্যোতি মৰাণ নামৰ যুৱক গৰাকীক চোকা অস্ত্ৰৰে আক্ৰমণৰ অপচেষ্টা চলোৱাৰ আভিযোগ ৷
ঘটনাক কেন্দ্ৰ কৰি তালাপত উপস্থিত হয় কেইবাটাও জাতীয়-জনগোষ্ঠীয় সংগঠনৰ নেতা-কৰ্মী ৷ দল সংগঠনৰ কৰ্মকৰ্তা সকলে খেদি খেদি নাচিৰ হুছেইনক আটক কৰি আৰক্ষীক গটাই দিয়ে ৷ বৰ্তমান উত্তাল হৈ পৰিছে তালাপ আৰক্ষী চকীৰ চৌহদৰ পৰিৱেশ ৷
উজনি অসমত মিঞা বিৰোধী অভিযানৰ সময়তে তিনিচুকীয়াৰ তালাপত এগৰাকী খিলঞ্জীয়া ভুমিপুত্ৰ যুৱকে অনা অসমীয়া মুছলমান যুৱকৰ আক্ৰমণৰ বলি হোৱা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মৰাণ ছাত্ৰ সন্থা আৰু বীৰ লাচিত সেনাৰ বিষয়ববীয়াই ৷






























