ULFA(I) calls for boycott of Independence Day:
দেশৰ আগন্তুক স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান জনালে আলফা (স্বাধীন) সহ উত্তৰ-পূবৰ দুটা উগ্রপন্থী সংগঠনে। অহা ১৫ আগষ্টৰ স্বাধীনতা দিৱস উদ্যাপনৰ বিৰোধিতা কৰি এই দুই উগ্রপন্থী সংগঠনে উক্ত দিনা নিশা ১২ বজাৰ পৰা সন্ধিয়া ছয় বজালৈ ‘সর্বাত্মক বন্ধ’ ঘোষণা কৰিছে।
অৱশ্যে এই ‘সর্বাত্মক বন্ধ’ৰ আওতাৰ পৰা স্বাস্থ্যসেৱাাৰ লেখীয়া জৰুৰীকালীন বিভাগ, সংবাদ মাধ্যম আৰু ধর্মীয় কাম-কাজক ৰেহাই দিয়া হৈছে বুলি উগ্রপন্থী সংগঠন দুটাই এক-যৌথ বিবৃতিত প্ৰকাশ কৰিছে।
এই যৌথ বিবৃতিত আলফা (স্বাঃ) আৰু এনএছচিএন-জিপিআৰএনে আগন্তুক স্বাধীনতা-দিবস উদযাপনৰ বিৰোধিতা কৰি কয়, ‘বিশ্বৰ প্ৰতিটো জাতিৰ লক্ষ্য নিজ জাতিক স্বকীয় গৰিমাৰে আগবঢ়াই নিয়া। কিন্তু আমাৰ এই ঐতিহ্যমণ্ডিত ভূখণ্ডত সকলো সিদ্ধান্ত নিৰূপিত বা জাপি দিয়া হয় হিন্দী বলয়ৰ ইচ্ছা-অনিচ্ছাৰ ওপৰত, য’ত থলগিৰীৰ আশা-আকাংক্ষাৰ কোনো মূল্য নাই।
সেয়েহে প্ৰতিটো বছৰে অসম, নগালেণ্ডৰ লগতে পশ্চিম- দক্ষিণ-পূব এ এছিয়া অঞ্চলত ইয়াক পালন কৰাত আমি বিৰোধিতা কৰি আহিছো। এইবেলিও পশ্চিমা দক্ষিণ-পূব এছিয়া অঞ্চলৰ সমূহ ৰাজনৈতিক, অ-ৰাজনৈতিক জাতীয় দল-সংগঠন আৰু সৰ্বস্তৰৰ ৰাইজক ভুৱা ‘স্বাধীনতা দিৱস’ৰ সকলো প্ৰকাৰৰ কার্যক্রমণিকাত যোগদানৰ লগতে ব্যক্তিগত স্তৰতো পালন কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনালো। স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান আৰু আমাৰ প্ৰতিবাদী কাৰ্যসূচীৰ অন্যতম হ’ব ১৫ আগষ্টৰ নিশা ১২ বজা)ৰ পৰা সন্ধিয়া ৬ বজালৈ সৰ্বাত্মক বন্ধ ৷






























