দিনটোৰ ৰাশিফল

daily horoscope 1024x576 1

Daily Horoscope:✒️মেষ: কৰ্মৰ দিশত শুভ ফল। পাবলৈ থকা টকাৰ বাবে বিবাদ হ’ব পাৰে। শত্ৰুৰ পৰা সাৱধানে থাকক। ধর্মীয় কামত দান কৰি আনন্দ লাভকৰিব। বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। শুভ ৰং ছাই। শুভ সংখ্যা ৪।

বৃষ: পাৰিবাৰিক দিশত অশান্তি হ’ব পাৰে। আজিৰ দিনটো আপোনাৰ কাৰণে বহু বেছি ভাল নহয়। ব্যৱসায়ৰ বাবে চিন্তা বৃদ্ধি হ’ব। প্রেমত ভাল ফল। শুভ ৰং হালধীয়া। শুভ সংখ্যা ১।

মিথুন: বন্ধুৰ কথা শুনি কোনো ধৰণৰ কাম আৰম্ভ নকৰিব। বিপদ হ’ব পাৰে। পেটৰ সমস্যা হ’ব পাৰে। কৰ্মচাৰীৰ বাবে ব্যৱসায় বৃদ্ধি হোৱাৰ সুযোগ আহিব পাৰে। শুভ ৰং বগা। শুভ সংখ্যা ২।

কর্কট: অতিৰিক্ত ক্রোধৰ বাবে সমস্যা আহিব পাৰে। পঢ়া-শুনাৰ ক্ষেত্ৰত গুৰুত্ব দিয়া দৰকাৰ। বিদেশৰ পৰা কোনো আত্মীয়ৰ ভাল খবৰ অহাৰ যোগ। শুভ ৰং নীলা। শুভ সংখ্যা ৭।

সিংহ: কীটপতংগৰ পৰা অলপ সাৱধানে থাকক। সাংসাৰিক দিশত শুভফল। শত্রু বৃদ্ধি হ’ব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত বাধা দেখা যায়। বিদ্যাত শুভ ফল। শুভ ৰং বগা। শুভ সংখ্যা ৪।

কন্যা: আর্থিক দিশত অশান্তি হ’ব পাৰে। অন্য ব্যৱসায়ত খৰচ বৃদ্ধি হ’ব। নামী সংস্থাৰ কামৰ আলোচনা হ’ব। ঘৰৰ পৰা শান্তি লাভ। প্ৰেমত বাধা দেখা যায়। শুভ ৰং কমলা। শুভ সংখ্যা ৫।

তুলা: নতুন ব্যৱসায়ৰ বাবে খৰচ বাঢ়িব। সম্পত্তিৰ বাবে মা-দেউতাৰ লগত বিবাদ হ’ব পাৰে। কর্মস্থানত ভাল ফল দেখা যায়। সন্তানৰ বাবে খৰচ বৃদ্ধি। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৮।

বৃশ্চিক: পাৰিবাৰিকভাৱে সমস্যা হ’ব পাৰে। ঘৰৰ বাহিৰত কোনো ব্যক্তিৰ লগত বিবাদ হ’ব পাৰে। কৰ্মস্থানৰ ফালৰ পৰা বিদেশলৈ যোৱাৰ সম্ভাৱনা। শুভ ৰং বেঙুনীয়া। শুভ সংখ্যা ৩।

ধনু: আত্মীয়ৰ ব্যৱহাৰে আপোনাক আঘাত দিব পাৰে। অতিৰিক্ত জনা কথাৰ বাবে ঘৰত বিবাদ হ’ব। সন্তানৰ লগত ভ্রমণ যাত্রা। প্রেমত বহু বেছি বাধা দেখা নাযায়। শুভ ৰং সোণালী। শুভ সংখ্যা ৮।

মকৰ : ৰাতিপুৱাৰ পৰা স্বাস্থ্যৰ অশান্তি হ’ব পাৰে। প্ৰেমৰ দিশত শুভফলাচিকিৎসাৰ ক্ষেত্ৰত খৰচ বৃদ্ধি। সন্তানৰ পঢ়া-শুনাৰ বাবে চিন্তা বাঢ়িব। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৯।

কুম্ভ: বন্ধুৰ ফালৰ পৰা মৰম লাভ কৰিব। ব্যৱসাৰ ক্ষেত্ৰত লোকচান হ’ব পাৰে। আর্থিক দিশত কষ্ট হোৱাৰ বাবে স্ত্ৰীৰ লগত বিবাদ হ’ব। শুভ ৰং ছাই। শুভ সংখ্যা ১।

মীন: বুদ্ধিৰ ফলত অশান্তিৰ যোগ। মা-দেউতাৰ শৰীৰ লৈ চিন্তা বাঢ়িব। উচ্চ শিক্ষাৰ ভাল ফল দেখা যায়। আন মানুহে দুৰ্বলতাৰ সুযোগ ল’ব পাৰে। শুভ ৰং মাটিয়া। শুভ সংখ্যা ২।

Exit mobile version