Flood:✒️’কৃত্রিম বানমুক্ত গুৱাহাটী’ লক্ষ্যৰে পৰিৱৰ্তনকামী চৰকাৰে গ্ৰহণ কৰা সকলো ‘মাষ্টাৰ প্লেন’ক ফ্লপ শ্ব’ত পৰিণত কৰি মঙলবাৰে নিশাৰে পৰা অহা প্ৰৱল বৃষ্টিপাতে পুনবাৰ উটুৱাই নিলে ৰাজধানী মহানগৰীৰ আভিজাত্য।
এই দীর্ঘদিনীয়া সমস্যা সমাধানৰ প্ৰতিশ্রুতিতে শাসনলৈ অহা বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনে বুধবাৰে প্রায় ১০টা বছৰত ভৰি দিলে যদিও কৃত্রিম বানৰ সমস্যা যেন মহানগৰবাসীৰ বাবে এক অলীক সপোনত পৰিণত হৈছে।
অৱশ্যে এই জ্বলন্ত সমস্যা সমাধানৰ উদ্দেশ্যে চৰকাৰে বিভিন্ন আঁচনি গ্রহণ কৰি কোটি কোটি টকা ব্যয় কৰি আহিছে যদিও এই সকলো আঁচনিক একপ্ৰকাৰ মোহাৰি নিশা অহা বৰষুণজাকে ৰাজধানী চহৰখনক পুনৰবাৰ মহাসমুদ্ৰত পৰিণত কৰিলে।
কি মূল পথ, কি উপ-পথ, আৱাসিক অঞ্চলসহ গৰিষ্ঠসংখ্যক অঞ্চল নিশাই কৃত্রিম বানৰ কৱলত পৰাত একপ্ৰকাৰ চৌদিশে হাহাকাৰ লাগে। নিশাৰে পৰা পুৱাৰ ভাগলৈ বহু অঞ্চল, বাট-পথ কৃত্রিম বানত বুৰ গৈ থকাৰ ফলত যান-বাহন চলাচল ব্যাহত হৈ পৰাত বহুজন আদবাটতে আবদ্ধ হৈ গাড়ীৰ ভিতৰতে সময় অতিবাহিত কৰিবলগীয়া হয়।
উল্লেখ্য যে মুষলধাৰ বৰষুণজাকৰ ফলত পূৰ্বৰ দৰেই নবীন নগৰ, অনিল নগৰ, হাতীগাঁও, ৰুক্মিণীগাঁও, বেলতলা ছার্ভে আদি অঞ্চল কৃত্রিম বানত বুৰ যায়। একেদৰে বি বৰুৱা ৰোড, জু ৰোড, কাহিলীপাৰা ৰোড, চান্দমাৰি, জি এছ ৰোড আদিত সৃষ্টি হোৱা কৃত্রিম বানৰ ফলত যাতায়াত দীর্ঘ সময় ধৰি ব্যাহত হৈ পৰে।
কিছু কিছু অঞ্চলত সন্ধিয়া পর্যন্ত কৃত্রিম বান অপৰিৱৰ্তিত হৈ আছে। উল্লেখ্য যে নিশা হঠাৎ অহা বৰষুণজাকে সৃষ্টি কৰা কৃত্ৰিম বানৰ ফলত বেলতলা ৱায়াৰলেছত ৰোগী কঢ়িয়াই অনা এখন ১০৮ এম্বুলেন্স বিকল হৈ পৰে। বাহনখনে তেজপুৰৰ পৰা ৰোগী কঢ়িয়াই আনিছিল আৰু কৃত্রিম বান ফালি আগুৱাই যোৱাৰ সময়ত পানীৰ মাজতে বিকল হৈ পৰে।
একেদৰে নৱগ্ৰহত পার্কিং কৰি থোৱা এএছ-০১ জিডি-৮৭১২ নম্বৰৰ এখন বাহনৰ ওপৰতে এডাল প্রকাণ্ড গছ উভালি পৰাত বাহনখনৰ বিস্তৰ ক্ষতিসাধন হয়। ইয়াৰ উপৰি কৃত্রিম বানত পথ বুৰ গৈ থকাৰ ফলত হাতীগাঁৱৰ বিষ্ণুজ্যোতি পথৰ কাষৰ নলাত সোমাল এখন বলেৰ’ বাহন।
ইয়াৰ উপৰি নিশাৰ ভাগত কৃত্রিম বানৰ কৱলত পৰা বহু বাহন ৰাজপথতে বিকল হৈ পৰে। উল্লেখ্য যে মহানগৰীত সৃষ্টি হৈ অহা এই কৃত্রিম বান মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিকাশৰ প্রতিচ্ছবি বুলি কটাক্ষ কৰিছে প্রদেশ কংগ্ৰেছে।
প্রদেশ কংগ্রেছে সামাজিক মাধ্যম ফেচবুক পেজত আজি এটা ভিডিঅ’ প্ৰচাৰ কৰি চৰকাৰক তীব্র কটাক্ষ কৰিছে। য’ত উল্লেখ কৰিছে যে বিকাশ বিকাশ বুলি আকাশ কঁপাইছিল মুখ্যমন্ত্রী ড° শৰ্মাই। গুৱাহাটী এতিয়া একঁকাল পানীৰ তলত বুলি মুখ্যমন্ত্ৰীৰ ভাষণ আৰু কৃত্রিম বানত বুৰ গৈ থকা গুৱাহাটীৰ প্ৰতিচ্ছবি কংগ্ৰেছে এক ভিডিঅ’ৰ জৰিয়তে প্ৰচাৰ কৰি চৰকাৰক কটাক্ষ কৰিছে।






























