independence day:✒️অহা ১৫ আগষ্টত ৭৯ সংখ্যক স্বাধীনতা দিৱস উদ্যাপন কৰিবলৈ সাজু হৈছে। ইয়াৰ বাবে সমগ্র দেশত ব্যাপক প্রস্তুতি চলাৰ সমান্তৰালকৈ নিৰাপত্তা ব্যৱস্থা নিশ্চিত কৰাৰো যুদ্ধকালীন তৎপৰতা চলিছে।
অসমতো নিৰাপত্তা ব্যৱস্থা সৰ্বস্তৰত কটকটীয়া কৰি তুলিবলৈ আৰক্ষীয়ে বিগত প্রায় এমাহৰ পৰাই তৎপৰতা অব্যাহত ৰাখিছে। শেহতীয়াকৈ যোৱা ডেৰ সপ্তাহৰ পৰা এনে তৎপৰতাক অধিক গতি দিয়া হৈছে। সূত্র প্রকাশ যে উগ্রপন্থীজনিত ঘটনা বিশেষকৈ আলফা স্বাধীনৰ দ্বাৰা যাতে এইবাৰ কোনো ধৰণৰ আইন-শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি কৰা নহয়, তাৰ বাবে মধ্যস্থতাকাৰী নিয়োগৰো চৰ্চা চলিছে।
সংগঠনটোৰ আলোচনাপন্থী গোটৰ নেতাৰ জৰিয়তে পৰেশ বৰুৱাক কোনো ধৰণৰ অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি নকৰিবলৈ সৈমান কৰাৰ চর্চা এতিয়া আৰক্ষীৰ মজিয়াতে বিশেষভাৱে চলিছে। অলপতে ম্যানমাৰত আলফা (স্বাধীন)ৰ ঘাটিত হোৱা বৃহৎ আক্ৰমণৰ পাছত সংগঠনটোৱে পালন কৰা লক্ষ্যণীয় নীৰৱতা আৰক্ষীৰ দুশ্চিন্তাৰ মূল কাৰণ হৈ পৰিছে।
তিনিজনকৈ জ্যেষ্ঠ নেতা-সদস্যৰ মৃত্যু হোৱা আক্রমণাত্মক ঘটনাৰ পাছত সংগঠনটোরে প্রতিশোধ ল’ব পাৰে বুলি আশংকা কৰি আৰক্ষীয়ে নিৰাপত্তা বাহিনীৰ সহযোগত অত্যন্ত সতর্কতামূলক ব্যবস্থা গ্রহণ কৰিছে; কিন্তু আলফা (স্বাঃ)ই তেনে কোনো প্রতিক্রিয়া প্রদর্শনৰ পৰা বিৰত থকাটো এই পর্যন্ত স্পষ্ট হৈছে।
তেনে ক্ষেত্রত সংগঠনটোৰ মতি-গতিৰ বুজ ল’বলৈ সৰ্বতোপ্ৰকাৰৰ চেষ্টা অব্যাহত ৰাখিছে আৰক্ষীয়ে; কিন্তু সেই সম্পর্কীয় কোনো তথ্য আৰক্ষী-চোৰাংচোৱাই উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। শেহতীয়াকৈ গুৱাহাটী আৰু তিনিচুকীয়াৰ পৰা গ্ৰেপ্তাৰ কৰা কে’বাজনো যোগাযোগকাৰীৰ পৰাও বিশেষ তথ্য আৰক্ষীয়ে উদ্ধাৰ কৰিব পৰা নাই।
কেৱল মাত্র এইটো নিশ্চিত কৰিছে যে গুৱাহাটীলৈ যোৱাৰ সময়ছোৱাত আলফা (স্বাঃ)ৰ কে’বাজনো সদস্য আহিছিল আৰু তেওঁলোক একাধিত লজত বাহৰ পাতি আছিল। সেইসকলৰ গুৱাহাটী আগমনৰ উদ্দেশ্য অদ্যাপি স্পষ্ট নহয়।
সেইবাবেই সতর্কতামূলক ব্যবস্থা অধিক শক্তিশালী কৰাত অসম আৰক্ষীয়ে গুৰুত্ব দিবলৈ বাধ্য হৈছে। উলুবাৰীস্থিত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ পৰা সকলো জিলাৰ আৰক্ষী অধীক্ষকলৈ প্ৰেৰণ কৰা নির্দেশনা অনুসৰি, একেটা স্থানত দৈনিক তালাচী চলোৱা হৈছে।
উদাহৰণ স্বৰূপে সৰু দলং, কালভার্ট আদিত প্রতিদিনে নিৰীক্ষণ চলিছে। বজাৰ তথা জনসমাগম হোৱা অঞ্চলত ডাষ্টবিনবোৰ পাৰ্যমানে দিনটোত দুবাৰ পৰিষ্কাৰৰ ব্যৱস্থা কৰা হৈছে। একেটা বেলপথতে দিনটোত ন্যূনতম দুবাৰ তালাচী চলোৱা হৈছে। ৰাষ্ট্ৰীয় ঘাইপথৰ বাদেও ভিতৰুৱা পথবোৰত নিয়মীয়াকৈ নাকা তালাচী চলোৱা হৈছে। বাছ আস্থানত নমুনা ভিত্তিত অথবা সন্দেহ উপজিলেই যিকোনো লোকৰ সম্পূর্ণ তালাচী চলোৱা হৈছে।
দুচকীয়া বাহনৰ ডিগি পর্যন্ত খুলি চোৱা হৈছে। ৰাজহুৱা হাট-বজাৰ অঞ্চলত অহৰহ চকু ৰাখিব পৰাকৈ অতিৰিক্ত আৰক্ষী নিয়োগ কৰা হৈছে। পৰিত্যক্ত তথা জাবৰ-জোঁথৰ পেলোৱা অঞ্চলবোৰ প্রতিদিনেই এবাৰ হ’লেও খুচৰি চোৱা হৈছে। এনেদৰেই চৌপাশে সৃষ্টি কৰা এনে পৰিৱেশে ৰাইজকো আতংকিত কৰি তুলিছে।
পশ্চিম অসমত উগ্রপন্থী সংগঠনৰ সমান্তৰালকৈ ভাৰতবিৰোধী অন্যান্য অপশক্তিৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে আৰক্ষী-নিৰাপত্তা বাহিনীয়ে। বাংলাদেশৰ লগত থকা সীমান্ত অঞ্চলত সীমান্ত সুৰক্ষা বাহিনীৰ অধিক নিৰাপত্তাৰক্ষী জোৱান নিয়োগ কৰা হৈছে।
দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ লগত থকা মেঘালয়ৰ সীমান্ত অঞ্চলতো সুৰক্ষা বেষ্টনী বৃদ্ধি কৰা হৈছে। বাংলাদেশৰ পৰা প্ৰৱেশ কৰা অপশক্তিয়ে অসমত যাতে কোনো অঘটন ঘটাব নোৱাৰে, তাৰ বাবে গোৱালপাৰা জিলাত বিশেষ সতর্কতা অৱলম্বন কৰা হৈছে।
গোৱালপাৰাৰ ব্ৰহ্মপুত্ৰৰ বুকুত নদী আৰক্ষীৰ টহল বৃদ্ধি কৰা হৈছে। ইয়াৰ মাজতে যোৱা নিশা ধুবুৰীৰ নায়েৰচৰা অঞ্চলত আপত্তিজনক কে’বাখনো পতাকা আৰু বাংলাদেশৰ ছিমকার্ড উদ্ধাৰ হয়। ইয়াৰ লগত জড়িতৰ অভিযোগত ইমান হুছেইন নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।
ধৃত লোকজনৰ জেৰা আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ কে’বাটাও দলে অব্যাহত ৰাখিছে।গুৱাহাটীত স্বাধীনতা দিৱসৰ ৰাজ্যিক ভিত্তিত মূল কার্যসূচী অনুষ্ঠিত হ’ব। স্বাভাৱিকভাবে খানাপাৰাত অনুষ্ঠিত হ’বলগীয়া এই কার্যসূচীক কেন্দ্র কৰি মহানগৰীত নিৰাপত্তা ব্যবস্থা বৃদ্ধি কৰা হৈছে।
খানাপাৰাত তিনি তৰপীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। অৱশ্যে এই ধৰণৰ ব্যবস্থা গঢ়ি তুলিলেও গুৱাহাটীক লৈ কোনো সতর্কবাণী এইবাৰ আৰক্ষীয়ে লাভ কৰা নাই। তথাপি বিগত বৰ্ষৰ উদাহৰণৰে সতর্ক হ’বলৈ আৰক্ষী বাধ্য হৈছে।
যোৱা স্বাধীনতা দিৱসত অভাবনীয়ভাবে ৰাজ্যৰ ২২টা স্থানত আলফা (স্বাঃ)ই সামৰিক অভিযানৰ অংশ হিচাপে আইইডিসহ অন্যান্য বিস্ফোৰক স্থাপন কৰিছিল। ইয়াৰ ভিতৰত গুৱাহাটীৰ চাৰিটা স্থানো আছিল।
সংগঠনটোৱে আৰক্ষীৰ সমস্ত নিৰাপত্তা ব্যবস্থাক অর্থহীন কৰি খোদ দিছপুৰৰ মন্ত্ৰীৰ আৱাসৰ সমীপতে লাষ্টগেটত এটা শক্তিশালী আইইডি সংস্থাপন কৰিবলৈয়ো সক্ষম হৈছিল। সংগঠনটোৰ বিস্ফোৰণ ঘটোৱাৰ উদ্দেশ্য নাছিল বাবেহে বিগত বৰ্ষৰ স্বাধীনতা দিৱসৰ দিনটোত অসমত তেজৰ নৈ বৈ নগ’ল।
এইবাৰ তেনে কোনো অভিযান সংগঠনটোৱে কাৰ্যকৰী কৰিব নোৱাৰে, তাৰ বাবে বিগত প্রায় দুমাহৰ পৰাই গুৱাহাটী আৰু ডিব্ৰুগড়ত বিশেষ সতর্কতামূলক ব্যৱস্থা গ্রহণ কৰা হয়। তৎসত্ত্বেও আশংকামুক্ত হ’ব পৰা নাই অসম আৰক্ষী। সেইবাবে মধ্যস্থতাকাৰী নিয়োগ কৰি হ’লেও পৰেশ বৰুৱাক মনে মনে থাকিবলৈ চেষ্টা চলোৱাৰ চৰ্চা বাৰুকৈয়ে হৈছে।






























