Jammu and Kashmir:✒️উত্তৰাখণ্ডৰ পাছত এইবাৰ জম্মু-কাশ্মীৰ। কাশ্মীৰৰ চাচোটিত ডাৱৰ বিস্ফোৰণৰ ফলত এক বৃহৎ দুৰ্যোগৰ সৃষ্টি হয়। ডাৱৰ বিস্ফোৰণৰ কমেও ১০ জন লোকৰ মৃত্যু হৈছে।
ইফালে হতাহতৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে উদ্ধাৰকাৰী দল ।
উল্লেখ্য যে,এই ঠাইৰ পৰাই মাছাইল মাতা যাত্ৰা আৰম্ভ হয়। ডাৱৰ বিস্ফোৰণৰ পাছত হোৱা বৰষুণৰ ফলত ব্যাপক ক্ষতি হোৱাৰ সম্ভাৱনা আছে। ইতিমধ্যে কেবাটাও পথ সম্পূৰ্ণৰূপে ধ্বংস হৈছে ।
কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে জনোৱা অনুসৰি তেওঁ কিষ্টৱাৰৰ উপায়ুক্তৰ স’তে কথা পাতিছে । স্থানীয় বিধায়কগৰাকীৰ স’তেও কথা পাতিছে। তেওঁ নিজৰ এক্স হেণ্ডেলত লিখিছে, “চাচোটি অঞ্চলত প্ৰচণ্ড ডাৱৰ বিস্ফোৰণ হৈছে, যাৰ বাবে বৃহৎ ক্ষতি হ’ব পাৰে।”
ইতিমধ্যে প্ৰশাসনে উদ্ধাৰকাৰী দলক সেই স্থানলৈ প্ৰেৰণ কৰিছে। উদ্ধাৰৰ পাছত আহতসকলৰ চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে।’
সূত্ৰ অনুসৰি জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গৱৰ্ণৰে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী, সেনা, আৰু আৰক্ষীক উদ্ধাৰ অভিযানত অংশগ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে।






























