Donald Trump:✒️আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ সময়ত ড’নাল্ড ট্রাম্পৰ হৈ ব্যাপক প্ৰচাৰ চলাইছিল অর্বুদপতি এলন মাস্কে। ৰিপাব্লিকান প্রার্থীৰ হৈ প্ৰচাৰত বৃহৎ পৰিমাণৰ ধন ব্যয় কৰিছিল মাস্কে।
ৰাষ্ট্ৰপতি হোৱাৰ পাছত টেছলাৰ মুৰব্বী মাস্কক গুৰুত্বপূৰ্ণ চৰকাৰী পদত নিযুক্তি দিছিল ট্রাম্পে। কিন্তু এতিয়া ট্রাম্পৰ স’তে মাস্কৰ সম্পৰ্ক অহিনকুল।
ট্রাম্পৰ সংগ ত্যাগৰ পাছত মাস্কে ৰাষ্ট্ৰপতি বিৰোধী স্থিতি গ্রহণ কৰি আহিছে। এইবাৰ মাস্কৰ কৃত্রিম বুদ্ধিমত্তা (এআই) সংস্থা গ্র’ক-এ মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পক ৱাশিংটনৰ সবাতোকৈ ভয়ংকৰ অপৰাধী বুলি অভিহিত কৰিলে।
মাস্কৰ এআই চেটবটে আমেৰিকাৰ ৰাজধানী অপৰাধৰ বিষয়ে এজন এক্স ব্যৱহাৰকাৰীক এই তথ্য আগবঢ়ালে।
বাশ্বিংটনৰ সবাতোকৈ ভয়ংকৰ অপৰাধী কোন বুলি প্রশ্ন কৰাত গ্র’কে এইদৰে উত্তৰ দিলে, ‘দোষী সাব্যস্ত হোৱা আৰু কুখ্যাতিৰ ভিত্তিত ৱাশ্বিংটনৰ সবাতোকৈ কুখ্যাত অপৰাধী হৈছে ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্প। নিউ য়র্ক চিটিত তেওঁ ৩৪ অপৰাধত দোষী সাব্যস্ত হৈছিল। ২০২৫ বৰ্ষৰ জানুৱাৰীৰ পৰা ৰায় বাহাল ৰখা হৈছে।’
মাস্ক মালিকানাধীন কৃত্রিম বুদ্ধিমত্তা এপ গ্র’কে বাশ্বিংটনত ২০২৫ বর্ষত হিংসাৰ দৰে অপৰাধ ২৬ শতাংশ হ্রাস পালে বুলিও তথ্যত উল্লেখ কৰিছে।






























