Cm Pressmeet:
দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত লোকসেৱা ভৱনত সংবাদমেল সম্বোধন মুখ্যমন্ত্ৰীৰ৷
বুধবাৰে অনুস্থিত হোৱা কেবিনেট বৈঠকত লোৱা সিদ্ধান্ত সমূহ সদৰি কৰি মুখ্যমন্ত্ৰীয়ে কয়, সকলোৰে বাবে গুণগত স্বাস্থ্য সেৱা নিশ্চিতকৰণ কৰিবলৈ আয়ুষ্মান অসম যোজনা অধীনত ধাৰ্য কৰা ৫০০ কোটি টকাৰ ইতিমধ্যে ১৭৫ কোটি টকা ইতিমধ্যে ব্যয় কৰাৰ পিছত হিতাধিকাৰীসকলক নগদবিহীন চিকিৎসা সেৱা অব্যাহত ৰখাটো নিশ্চিত কৰিবলৈ ২০২৫-২৬ বর্ষত বাকী থকা ৩২৫ কোটি টকা আবণ্টনত কেবিনেটে অনুমোদন জনাই ৷
আনহাতে নিৰ্ভৰযোগ্য শক্তি যোগান নিশ্চিতকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ শক্তি আঁচনিৰ অধীনত জনসাধাৰণক সুলভ মূল্যত শক্তি প্রদানৰ বাবে কেবিনেটে কয়লা মন্ত্ৰ্যালয়ৰ পৰা ৫০০ মেগাৱাট শক্তি ৫.৭৯ টকা/ইউনিটত ক্রয় কৰিবলৈ অনুমোদন জনায় কেবিনেটেসংবাদমেলত মুখ্যমন্ত্ৰীয়ে আৰু কয় যে,কেবিনেটে ধুবুৰী আৰু বিশ্বনাথত মিছন বসুন্ধৰা ৩.০ৰ অধীনত পুনৰ শ্ৰেণী বিভাজন আৰু অনা কৃষি উদ্দেশ্যৰে হস্তান্তৰৰ বাবে ৮টা প্ৰস্তাৱ পুনৰ শ্ৰেণী বিভাজনৰ বাবে অনুমোদন জনায় ৷
একেদৰে কেবিনেটে উদ্যোগসমূহৰ উন্নয়নৰ সুবিধাৰ বাবে আৰু সেউজ ভৱন নির্মাণত উৎসাহ যোগোৱাৰ বাবে আছাম ইউনিফাইড বিল্ডিং কনস্ট্রাকশান (বেগুলেশ্যন) বাই ল’, ২০২২ সংশোধনীত অনুমোদন জনাইছে। এই সংশোধনীয়ে ক্ষুদ্র ভূমিৰ ক্ষেত্ৰত টি অ’ ডি নীতিৰ লাভালাভ প্রাপ্ত কৰা আৰু অর্থনৈতিকভাবে দুর্বল শ্ৰেণীৰ লোকৰ বাবে আৱাসৰ সুবিধা প্রদান কৰিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে।
আনহাতে ,স্বচ্ছ শক্তিৰ লক্ষ্যৰ দিশত গুৰুত্ব আৰোপ কৰি কেবিনেটে কার্বি আংলঙত ১৫০০ মেগাৱাট পাম্পড ষ্ট’ৰেজ প্ৰকল্পৰ বাবে অনুমোদন জনাই বুলি সদৰি কৰে মুখ্যমন্ত্ৰীয়ে ৷
সংবামেলত মুখ্যমন্ত্ৰীয়ে ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত মাছুল বৃদ্ধি সম্পৰ্কত উঠা কেতবোৰ প্ৰতিক্ৰিয়াৰ সন্দৰ্ভত কয় যে,কৰ্কট প্ৰতিষ্ঠানৰ মাছুল বৃদ্ধি হৈছিল কাৰ্ডৰ ওপৰত | সাধাৰণ ৰোগীৰ ক্ষেত্ৰত মাছুল বৃদ্ধিৰ সিদ্ধান্ত লোৱা হোৱা নাছিল ৷
যিহেতুকে কর্কট প্রতিষ্ঠানত প্রায় ৮০শতাংশ কাৰ্ড থকা ৰোগী ৰোগী যায় ৷ তেওঁলোকে পূবৰ দৰে সেৱা পাই থাকিব ৷ আনহাতে কার্ড থকা ৰোগী সকলৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিছে প্ৰয়োজনীয় মাচুল৷ বাকী সাধাৰণ ৰোগীৰ ক্ষেত্ৰত পুৰণি ধৰণে মাচুল সংগ্রহ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিয়ে ৷ এই সম্পৰ্কত কোনেও ভূল বুজিব নালাগে ।
একেদৰে মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ দুৰ্গম অঞ্চলৰ নাগৰিকে এতিয়াৰে পৰা লাভ কৰিব আগ্নেয়াস্ত্র৷ ৰাজ্যিক কেবিনেটত লোৱা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ আধাৰতে আগ্নেয়াস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ বিশেষ আঁচনি আজি মুকলি হ’ল বুলি সদৰি কৰে ৷
ৰাজ্যৰ বাবে এটা ভাল খবৰ বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় কামৰূপ গ্ৰাম্য জিলাৰ পলাশবাৰীত প্ৰতিষ্ঠা হ’ব উত্তৰ পূৱৰ দ্বিতীয়খন IIM(ইণ্ডিয়ান ইন্সটিটিউট ফৱ মেনেজমেণ্ট)৷ আনকি এই বছৰৰ পৰাই আৰম্ভ হ’ব পাঠদান ৷






























