Elephant calf:
মুষলধাৰ বৰষুণৰ ফলত শোণিতপুৰ জিলাৰ মিছামাৰীতো ওফন্দি উঠিছে গাভৰু নৈ। ওফন্দি থকা গাভৰু নৈৰ পৰা এটা হাতী পোৱালি উদ্ধাৰ কৰে স্থানীয় বনকর্মীসকলে। এটা হাতীৰ জাক গাভৰু নৈ পাৰ হৈ যোৱাৰ সময়তে পোৱালিটোৱে বাঢ়নী পানীত উটি যায়। গাভৰু নৈৰ কাষতে অৱস্থিত সোণাই ৰূপাই অভয়াৰণ্যৰে আছিল হাতীৰ জাকটো।
ADVERTISEMENT
পোৱালিটোক উটি যোৱা দৃশ্য স্থানীয় লোকে প্রত্যক্ষ কৰি বন বিভাগক খবৰ দিয়ে। পাছত বন বিভাগে তৎপৰতাৰে অভিযান চলাই হাতী পোৱালিটোক উদ্ধাৰ কৰি সুৰক্ষিতভাৱে সোণাই ৰূপাই বন্যপ্রাণী অভয়াৰণ্যলৈ লৈ যায়।






























