Guwahati sex racket Update:
মহানগৰীৰৰ জয়ানগৰত এটা তথাকথিত ব্যয়বহুল লজ স্থাপনৰ নামত দেহ ব্যৱসায়ৰ ঘাটিহে গঢ়ি তোলা চক্ৰটোৰ অন্যতম সহযোগী এগৰাকী যুৱতীসহ দুজনক এইবাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। বশিষ্ঠ আৰক্ষীয়ে বিশ্বনাথ আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰা যুৱতীগৰাকীৰ নাম ৰিম্পী দাস ওৰফে জুনকা দাস। ৰিম্পীৰ লগতে মুছাৰফ আলী আহমেদ নামৰ এজন যুৱককো গ্ৰেপ্তাৰ কৰা হৈছে।
উল্লেখ্য যে এগৰাকী যুৱতীয়ে এজন গ্রাহকৰ লগত দৰদাম কৰি থকা এটা অডিঅ’ৰ জৰিয়তে বাপ্তিছ ইন নামৰ লজটোৰ তথ্য পোহৰলৈ আহিছিল। সেই যুৱতীগৰাকীয়ে আছিল ৰিম্পী দাস। আৰক্ষীয়ে বাপ্তিছ ইনৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰাৰ সময়তে ৰিম্পীয়ে গুৱাহাটীৰ পৰা পলায়ন কৰি গহপুৰত আত্মগোপন কৰিছিল। যোৱা নিশা ৰিম্পী গহপুৰৰ পৰা আহি গুৱাহাটীত উপস্থিত হোৱাৰ সময়তে বশিষ্ঠ আৰক্ষীৰ দলে গ্ৰেপ্তাৰ কৰে। বাপ্তিছ ইনৰ স্বত্বাধিকাৰী বাপ্তি হাজৰিকাৰ বিশেষ ঘনিষ্ঠ বুলি পৰিচয় থকা ১৯ বছৰীয়া যুৱতীগৰাকীয়ে গ্রাহকক পছন্দ অনুসৰি যুৱতী যোগান ধৰাৰ উপৰি স্থানো নির্ধাৰণ কৰি দিছিল।
ইয়াৰ বাবে যুৱতীগৰাকীয়ে গ্ৰাহকৰ লগত দৰদাম কৰা, আগতীয়াকৈ বুকিং কৰা আদি দায়িত্বও পালন কৰিছিল। উদাহৰণ স্বৰূপে আৰক্ষীৰ হাতত পৰা অডিঅ’টোত গ্রাহকজনৰ লগত কথা পাতোতে ৰিম্পীয়ে যোগান ধৰিবলগীয়া যুৱতীগৰাকীৰ বিনিময়ত ছহেজাৰ টকা বিচাৰিছিল। গ্রাহকজনে দৰদাম কৰাত টকাৰ পৰিমাণ ৫,৫০০ টকালৈ হ্রাস কৰিছিল।
তদুপৰি বাপ্তিছ ইনৰ কোঠাত যুৱতীগৰাকীৰ লগত সময় কটালে টকাৰ পৰিমাণ কম হয় বুলিও অৱগত কৰিছিল। তদুপৰি অন্যান্য সা-সুবিধাৰ বিষয়েও গ্রাহকজনৰ লগত হোৱা কথোপকথনত অৱগত কৰিছিল। এনেদৰে নাৰীক বজাৰৰ পণ্য সামগ্রী সদৃশ কৰি বাপ্তিছ ইনত গঢ়ি তোলা হৈছিল দেহ ব্যৱসায়ৰ অন্যতম কেন্দ্র। উল্লেখ্য যে বেলতলাৰ ছাৰ্ভেত ভাড়াতীয়া হিচাপে আছিল ৰিম্পী।
ইপিনে, ছোৱালী সংগ্ৰহৰ কাম কৰাৰ অভিযোগত বশিষ্ঠ আৰক্ষীয়ে মহানগৰীৰ হাতীগাঁৱৰ পৰা মুছাৰফ আলী আহমেদ নামৰ এজন যুৱককো গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে বাপ্তিছ ইনৰ ঘটনাত জড়িতসকলৰ জেৰা ভাগে ভাগে অব্যাহত ৰাখিছে। ধৃত বাপ্তি হাজৰিকাই এই অবৈধ ব্যৱসায় সম্প্ৰসাৰণ কৰিবলৈ বিশেষ তৎপৰতা চলাইছিল। তাৰ বাবে ৰাজ্যৰ কে’বাটাও স্থানত গুৱাহাটীৰ দৰে একে ধৰণৰ দেহ ব্যৱসায়ী কেন্দ্ৰ স্থাপনৰ চিন্তা-চৰ্চা কৰিছিল।
তাৰে প্ৰাৰম্ভিক প্রক্রিয়া হিচাপে বিভিন্ন জিলাৰ কে’বাটাও স্থানত এজেন্ট নিয়োগ কৰিছিল। তেনে এজেণ্টৰ জৰিয়তে কামৰ সন্ধানত থকা যুৱতীৰ তথ্য সংগ্ৰহ কৰিছিল। সেইসকলক বাপ্তি হাজৰিকাই নিজে যোগাযোগ কৰিছিল আৰু গুৱাহাটীত কর্মসংস্থাপন দিয়াৰ প্রলোভন দিছিল। তেনে কে’বাগৰাকী যুৱতীক লৈ নিজৰ প্ৰকৃত উদ্দেশ্য সাধনত বাপ্তি সফল হোৱাৰো অভিযোগ উঠিছে। ইতিমধ্যে নলবাৰী আৰু মানকাচৰত থকা এজেন্ট আৰক্ষীৰ জালত পৰিছে।






























