Nagaland Mla’s Son Arrested In Bokajan:
অবৈধভাৱে সুৰা সৰবৰাহ কৰি আৰক্ষীৰ জালত পৰিল নাগালেণ্ডৰ বিধায়কৰ পুত্ৰ। বুধবাৰে নিশা অসম-নাগালেণ্ড সীমান্তৱৰ্তী গৌতম বস্তিত খটখটি আৰক্ষীয়ে অৰ্তকিতে অভিযান চলাই জব্দ কৰে নব্বৈ কাৰ্টুন অবৈধ বিলাতী সুৰা।
আৰক্ষীয়ে এন এল ০৭-চিচি-৪৬৬৬০ Endevour, আৰু এন এল ১০-৯৬৯৭ নম্বৰৰ INOVA আৰু এন এল০৭-চিএ-৩৩২৪ নম্বৰৰ জিমনী বাহনৰ পৰা উদ্ধাৰ কৰা হয় অবৈধভাবে সৰবৰাহ কৰা বিলাতী সুৰাৰ কাৰ্টুনসমূহ ৷ আটক কৰা হয় চাৰি সৰবৰাহকাৰীক ৷ ধৃত সৰবৰাহকাৰীৰ নাম এনোচ সুখাতো ৱোট্ছা, ন্জাথং ৰেং, ইনালু আৱোচ্মা, ৱাংখাত ৷
উল্লেখযোগ্য আটকাধীন এনোচ সুখাতো ৱোট্ছা নাগালেণ্ডৰ ১৩ নং পুঘোবোটো বিধানসভা সমষ্টিৰ বিধায়ক ডাঃ সুখাটো ৱটছাৰ পুত্ৰ ৷ একেদৰে এনোচ সুখাতো ৱোট্ছা শাসকীয় এনডিপিপিৰ যুৱ শাখাৰ উপ- সভাপতি হোৱাৰ লগতে ডিমাপুৰ মিউনিচিপেলিটি কাউন্সিলৰ কাউন্সিলাৰ ৷






























