Horoscope:✒️মেষঃ উপার্জন আৰু সঞ্চয় বৃদ্ধিৰ যোগ। দেহ ভাল বুলি ক’ব পাৰি। হেৰুওৱা সম্পদৰ পুনৰপ্ৰাপ্তি, অবাধ্য সন্তান-সন্ততিৰ ওপৰত কঠোৰ হ’ব পাৰে। শুভ ৰং মেৰুণ, শুভ সংখ্যা ১।
বৃষ: বৈষয়িক অৱস্থাৰ স্বপ্নাধিক উন্নতি সম্ভৱ। শিল্পীসকলৰ প্ৰাপ্য সম্মান লাভে আনন্দৰ কাৰকতা। পত্নীৰ লগত মতবিৰোধ। শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৪।
মিথুন: অপ্রত্যাশিতভাৱে ধন লাভৰ যোগ আছে। কর্মসূত্ৰত ভ্ৰমণৰ যোগ। নতুন উৎসাহজনক খবৰে আনন্দিত কৰিব। মনত হতাশা। শুভ ৰং ৰঙা, শুভ সংখ্যা ২।
কর্কট: পৈতৃক সম্পত্তি লাভৰ ক্ষেত্ৰত বিলম্ব। অভিজ্ঞ ব্যক্তিৰ পৰা মৰ্শত সংকট মুক্তি আৰু প্ৰয়োজনীয় ধনাগন। বিদ্যাত শুভ। শুভ ৰং ক’লা, শুভ সংখ্যা ৭।
সিংহ: কর্মক্ষেত্রত জটিলতাৰ উদয় হ’ব পাৰে। কোনো কাৰণত মনটো গধুৰ হ’ব পাৰে। শৰীৰ মধ্যম। প্ৰেমত শুভ। শুভ ৰং সোণালী, শুভসংখ্যা ৫।
কন্যা: কর্মক্ষেত্রত শান্তিৰে কাম কৰিব পাৰিব। আৰ্থিকত ভালেই দেখা যায়। বিদ্যাত শুভ ফল। প্ৰেমত বুজাবুজি। শুভ ৰং বগা, শুভ সংখ্যা ৫।
তুলা: কর্মক্ষেত্রত দায়িত্ব বৃদ্ধি পাব। ভূমিৰ বিবাদৰ সন্তোষজনক সমাধান হ’ব পাৰে। প্ৰেমত অশান্তি। আর্থিকত আশানুৰূপ ফল পাব। শুভ ৰং কজলা।
বৃশ্চিক: জ্যেষ্ঠজনক অৱজ্ঞাৰ পৰা বিৰত থাকক। আর্থিকত অসুবিধা পাব পাৰে। ফুৰাচকাত সতর্ক হ’ব। বিদ্যাত বিশৃংখলা। শুভ ৰং বগা, শুভ সংখ্যা ৯।
ধনু: ব্যৱসায়ত লাভৰ কাৰকতা। সমাজসেৱীসকলৰ সন্মান বৃদ্ধিৰ কাৰক। নিবনুৱাৰ কৰ্মপ্ৰাপ্তিৰ যোগ। দাম্পত্যত শুভ ফল। শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৫।
মকৰ: চাকৰিয়ালসকলৰ বাবে দিনটো শুভ। কৰ্মত নতুন পৰিকল্পনাত উপকৃত হ’ব। নিবনুৱাৰ কৰ্মপ্ৰাপ্তিৰ যোগ। প্ৰেমত বাধা। শুভ ৰং গোপালী, শুভ সংখ্যা ২।
কুম্ভ: পুৰণি মামলা মোকদমাৰ নিষ্পত্তি হ’ব পাৰে। বাধা বিঘিনিৰ মাজেদি কর্মত সাফল্য, আয়-বৃদ্ধিৰ বিকল্প চেষ্টাত সাফল্য। প্রেমত শুভ। শুভৰং গোলাপী।
মীন: আর্থিক উন্নতি। যোগাযোগ আদিত আশাপূর্ণ অগ্রগতি। মানসিক অৱস্থা বিশেষ ভাল নাযাব পাৰে। প্ৰেমত শুভ ফাল। শুভ ৰং বগা।
