Congress triranga Yatra in Betabari:
দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে বৰপেটা জিলাৰ নৱগঠিত পাকা বেতবাৰী সমষ্টিৰ অন্তৰ্গত পাকা বেতবাৰী ব্লক কংগ্ৰেছৰ উদ্যোগত শুকুৰবাৰে ত্ৰিৰংগা যাত্ৰা শীৰ্ষক এক বিশাল মটৰ চাইকেল ৰেলী বাহিৰ কৰা হয়। দক্ষিণ পাকা গাঁও পঞ্চায়তৰ পিঠাদি হাইস্কুল খেল পথাৰৰ পৰা আৰম্ভ হোৱা এই মটৰ চাইকেল ৰেলী সামৰণি পৰে বৰবালা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত।
সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰৰ নেতৃত্বত বাহিৰ কৰা এই বিশাল মটৰ চাইকেল ৰেলীত প্ৰায় তিনি হাজাৰৰো অধিক কংগ্ৰেছ কৰ্মী আৰু সমৰ্থকে অংশ গ্ৰহণ কৰে।
উল্লেখ যে এই ত্ৰিৰংগা যাত্ৰা শীৰ্ষক মটৰ চাইকেল ৰেলীত পাকা বেতবাৰী ব্লক কংগ্ৰেছ কমিটীৰ অধিনস্থ ১৫ খন গাওঁ পঞ্চায়তৰ কংগ্ৰেছ কৰ্মী আৰু সমৰ্থকে অংশ কৰে।






























