Naga Terror: মিঞাৰ প্ৰস্থানৰ পিছত এইবাৰ কইনা খোজেৰে নগাৰ আগ্রাসন
নাগালেণ্ডৰ সীমান্তৰ মেৰাপানীত বনভোজ খাবলৈ গৈ নগা দুৰ্বৃত্তৰ আক্ৰমণৰ বলি এজন অসমীয়া যুৱক
স্বাধীনতা দিৱসৰ দিনটোতেই অসম নাগালেণ্ড সীমান্তৰ মেৰাপানীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। নাগালেণ্ডৰ সীমান্তত বনভোজ খাবলৈ গৈ নগা দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হৈছে এজন অসমীয়া যুৱক। নাগালেণ্ডৰ সীমাৰেখাৰ ওচৰত বনভোজ খোৱাৰ অপৰাধতে নগাই এয়াৰ গানেৰে গুলীবিদ্ধ কৰে এজন যুৱকক।
গুলীবিদ্ধ যুৱক জনক উন্নত চিকিৎসাৰ বাবে গোলাঘাট শ্বহীদ কোশল কোঁৱৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।স্বাধীনতা দিৱসৰ দিনটোত বনভোজ খোৱাৰ উদ্দেশ্যে স্থানীয় কদমগুৰি অঞ্চলৰ পৰা সমীপৰে নাগালেণ্ডৰ উদাল পথাৰ বনভোজ খাবলৈ গৈছিল অসমীয়া যুৱক কেইজন। বনভোজ খাই থকাৰ সময়তেই নগাৰ দল এটাই আগভেটি ধৰে যুৱককেইজনক।
তাৰ পাছতেই কোনো কাৰণ নোহোৱাকৈ যুৱককেইজনক উপৰ্যুপৰি প্ৰহাৰ কৰিবলৈ ধৰে নগাৰ দলটোৱে। প্ৰকাশ বড়ো নামৰ যুৱকজন পলাবলৈ লঁওতেই এয়াৰ গানেৰে গুলী কৰে নগাৰ দলটোৱে। ফলত প্ৰকাশ বড়োৰ টিকাত গুলীবিদ্ধ হোৱাত যথেষ্ট ৰক্তক্ষৰণ হয়। পাছত কৌশলেৰে পলাই আহিবলৈ সক্ষম হয় প্ৰকাশ বড়ো। আনহাতে এই ঘটনাক লৈ বীৰ লাচিত সেনা,কৃষক মুক্তিৰ সম্পাদক বিদ্যুৎ শইকীয়াই তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে নগা ভাই- ভনী সকলক সকীয়নি প্ৰদান কৰিছে।
ইপিনে,মিঞাৰ প্ৰস্থানৰ পিছত নগা দুর্বৃত্তৰ অতপালিক লৈ শনিবাৰে সৰৱ হ’ল সৰৱ কৃষক মুক্তি সংগ্রাম সমিতি। নগাৰ পৰা অসমীয়াক সুৰক্ষা দিবলৈ চৰকাৰক দাবী জনাই কেএমএছএছৰ কৰ্মীয়ে হাতত প্লেকাৰ্ড লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।






























