National flag insult in Samaguri:
এগৰাকী প্ৰধান শিক্ষয়িত্ৰীৰ কিমান ধৃষ্টতা হ’ব পাৰে ৷ ৰাষ্ট্ৰীয় পতাকাকে কৰিলে চৰম অপমান ৷ যাৰবাবে আৰক্ষীৰ ৰোষত পৰিবলগীয়া হয় প্ৰধান শিক্ষয়িত্ৰী ৷
ৰাষ্ট্ৰীয় পতাকাক চৰম অপমান কৰা প্ৰধান শিক্ষয়িত্রী গৰাকী হ’ল নগাঁও জিলাৰ চামগুৰিৰ গোপীনাথ দেব গোস্বামী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্রী ফাতেমা খাতুন ৷
শুকুৰবাৰে উত্তোলন কৰা ৰাষ্ট্ৰীয় পতাকা খন আজি ভৰিৰে মোহাৰি সামৰিছিল প্রধান শিক্ষয়িত্রী গৰাকী ৷ এই দৃশ্য সামাজিক মাধ্যমক ভাইৰেল হোৱাৰ পিছতে সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয় ৷যাৰবাবে শনিবাৰে চামগুৰি আৰক্ষীয়ে প্ৰধান শিক্ষয়িত্রী ফাতেমা খাতুনক আটক কৰে ৷
আনহাতে শেহতীয়া খবৰ অনুসৰি আটকাধীন শিক্ষয়িত্ৰী গৰাকীক বিভাগীয় ব্যৱস্থা লোৱাৰ ইংগিত দিয়ে নগাঁও সংমণ্ডল বিদ্যালয় সমূহৰ পৰিদৰ্শকে ৷






























