Road Accident in khetri:
শনিবাৰে মহানগৰীৰ পাশ্বৱৰ্তী ক্ষেত্ৰীৰ টোপাতলীত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা ৷ চাৰিলেনযুক্ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দ্ৰতবেগী হুণ্ডাই গ্ৰেণ্ড আই টেন বাহন এখন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰতে কেইবা লুটি খাই বাগৰি পৰে ৷
ADVERTISEMENT
দুৰ্ঘটনাৰ ফলত বাহনখন চূর্ণ-বিচূর্ণ হৈ পৰে যদিও চালকৰ আসনত থকা একমাত্র আৰোহীজন কথমপি প্ৰাণৰক্ষা পৰে। চালকজন সামান্যভাৱে আঘাতপ্ৰাপ্ত হয় ৷ তেওঁক ততাতৈয়াকৈ সমীপৱৰ্তী চিকিৎসালয়লৈ নিয়া হয় ৷






























