Rupahihat:
স্বাধীনতা দিৱসৰ দিনাই ৰাষ্ট্ৰীয় পতাকাক চৰম অপমান I ৰূপহীহাটৰ তামুলিটোপ মধ্য ইংৰাজী বিদ্যালয়ত ৰাষ্ট্ৰীয় পতাকাক কৰা হ’ল অপমান I মাটিত পৰিল পতাকা,ঘন্টাৰ পিছত ঘন্টা ৰাষ্ট্ৰীয় ধ্বজ পৰি ৰ’ল মাটিত I প্ৰধান শিক্ষকৰ চৰম গাফিলতিৰ বাবেই অপমানিত হ’ল ৰাষ্ট্ৰীয় পতাকা I
ADVERTISEMENT
কেইবা ঘন্টা ধৰি পতাকাখন মাটিত পৰি থাকিল I স্থানীয় ৰাইজে গম পোৱাৰ পিছতে গা লৰিল বিদ্যালয় কৰ্তৃপক্ষৰ I ৰাইজৰ প্ৰতিক্ৰিয়াৰ পিছতে পুনৰ অৰ্ধ উলংগ শৰীৰেৰে উত্তোলন কৰিলে পতাকাখন Iপ্ৰতিক্ৰিয়া হোৱাৰ পিছতো ওলাই নাহিল প্ৰধান শিক্ষক I ঘটনাক লৈ সমগ্ৰ ৰূপহীহাটতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷






























