Sarupathar:
দেশৰ অন্য অংশৰ সৈতে সমান্তৰলভাৱে সৰুপথাৰ সম-জিলাতো আজি বৰ্ণাঢ্য ৰূপে উদযাপিত হয় দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস।সম-জিলাৰ কেন্দ্ৰীয় অনুষ্ঠান সৰুপথাৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হয়,য’ত সমজিলা আয়ুক্ত মানস জ্যোতি নাথ মুখ্য অতিথি হিচাপে উপস্থিত থাকি জাতীয় পতাকা উত্তোলন আৰু কুচ-কাৱাজ পৰিদৰ্শন কৰি দিনটোৰ কাৰ্যসূচী আৰম্ভ কৰে।
অনুষ্ঠানত বিশেষ অতিথি হিচাপে উপস্থিত আছিল সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন,সৰুপথাৰ আৰু বৰপথাৰ পৌৰসভাৰ পৌৰপতি,সৰুপথাৰ সমজিলা আৰক্ষী অধীক্ষক দিপেন পাটৰ,স্বহীদ কুশল কোঁৱৰৰ বোৱাৰী হৰেণী কোঁৱৰ,লগতে ৬১ জন স্বাধীনতা সংগ্ৰামীৰ পৰিয়ালৰ সদস্যসকল।এইসকল অতিথিৰ উপস্থিতিয়ে অনুষ্ঠানটোক অধিক গৌৰবান্বিত কৰে।
মুখ্য অতিথিগৰাকীয়ে ভাষণত ৰাজ্য চৰকাৰে সৰুপথাৰ সম-জিলাৰ জনসাধাৰণৰ কল্যাণৰ বাবে হাতত লোৱা বিভিন্ন উন্নয়নমূলক পদক্ষেপৰ সংক্ষিপ্ত খতিয়ান আগবঢ়াই সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰে।তদুপৰি,সাংস্কৃতিক দলসমূহে পৰম্পৰাগত আৰু দেশভক্তিমূলক নৃত্য-গীতৰ জৰিয়তে অনুষ্ঠানটোক ৰঙীন কৰে।প্ৰায় ৩ হাজাৰ জনতা স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰা এই উদযাপনে সৰুপথাৰবাসীৰ দেশপ্ৰেম আৰু সামাজিক ঐক্যৰ এক অনন্য দৃষ্টান্ত স্থাপন কৰে,যি দিনটোক গৌৰৱময় আৰু স্মৰণীয় পৰিৱেশত ৰূপান্তৰিত কৰে।






























