ভাৰত-পাকিস্তানৰ মাজত উত্তেজনা চূড়াত থকা অৱস্থাত যোৱা মে’ত গ্ৰেপ্তাৰ হোৱা হাৰিয়ানাৰ ইউটিউবাৰ জ্যোতি মালহোত্ৰাৰ বিৰুদ্ধে তদন্তকাৰীয়ে দাখিল কৰিছে ২৫শ পৃষ্ঠাৰ অভিযোগনামা।
সূত্রই প্ৰকাশ কৰা অনুসৰি ইউটিউবাৰগৰাকীয়ে পাকিস্তানৰ হৈ গুপ্তচৰগিৰী কৰাৰ তথ্যও তদন্তত উদ্ধাৰ হৈছে। যোৱা ১৬ মে’ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা জ্যোতি ন্যায়িক জিম্মাত আছে। জেৰাত তেওঁ তদন্তকাৰীৰ আগত প্ৰকাশ কৰা তথ্যৰ ভিত্তিত পাকিস্তানৰ হৈ গুপ্তচৰগিৰী কৰা আন কে’বাজনো লোকক নিৰাপত্তা সংস্থাই গ্ৰেপ্তাৰ কৰে।
এই লোকসকলক দেশৰ বিভিন্ন স্থানৰ পৰা গ্ৰেপ্তাৰ কৰা হয়। ঘটনাৰ তদন্তৰ বাবে এটা বিশেষ তদন্তকাৰী গোট (এছআইটি) গঠন কৰা হয়। সম্প্রতি এই এছআইটিয়ে অভিযুক্ত জ্যোতিৰ বিৰুদ্ধে আদালতত ২৫শ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰিছে।
ইপিনে, হাৰিয়ানা আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি জ্যোতিক টোল কিট (আহিলা) ৰূপে পাকিস্তানে ব্যৱহাৰ কৰি বহু গুৰুত্বপূৰ্ণ তথ্য সংগ্ৰহ কৰে। পাকিস্তানী এজেণ্টৰ স’তে তেওঁ নিয়মিত যোগাযোগ ৰক্ষা কৰাৰ তথ্যও তদন্তত পোহৰলৈ আহিছে। এছআইটিয়ে দাবী কৰা অনুসৰি পাকিস্তান ভ্ৰমণৰ সময়ত এজেণ্টৰ স’তে জ্যোতিৰ যোগাযোগ আছিল।
এই তথ্য তেওঁৰ ম’বাইল ফোনৰ পৰা উদ্ধাৰ হৈছে। এছআইটিয়ে দাখিল কৰা অভিযোগনামাত উল্লেখ কৰা হৈছে যে দিল্লীস্থিত পাক উচ্চায়ুক্তালয়ত কৰ্মৰত দানিশ আলীৰ স’তেও জ্যোতিয়ে নিয়মিত যোগাযোগ ৰক্ষা কৰিছিল। দুয়োৰে কথোপকথনৰ তথ্যও আৰক্ষীৰ হাতলৈ আহিছে।
কেৱল দানিশেই নহয়, পাকিস্তানী গুপ্তচৰ সংস্থা আইএছআইৰ এজেন্ট শ্বাকিৰ, হাছান আলী আৰু নাছিৰ ধিলোৰ স’তেও যোগাযোগ আছিল জ্যোতিৰ। ইতিমধ্যে নাছিৰৰ স’তে জ্যোতিৰ বাৰ্তালাপৰ তথ্যও আৰক্ষীয়ে উদ্ধাৰ কৰিছে। অভিযুক্তগৰাকীৰ সঘন বিদেশ যাত্রাক লৈয়ো অভিযোগনামাত সন্দেহ প্রকাশ কৰা হৈছে।






























