Jammu and Kashmir: ✒️ডাৱৰ বিস্ফোৰণত বিধ্বস্ত জম্মু-কাশ্মীৰৰ কাঠুৱা জিলাৰ এখন দুৰ্গম গাঁও। শনিবাৰে নিশা হোৱা প্ৰাকৃতিক দুৰ্যোগৰ ফলত কমেও চাৰিজন লোকৰ মৃত্যু হোৱাৰ লগতে ছজন লোক আহত হয়।
প্ৰাপ্ত তথ্য অনুসৰি, শনিবাৰে মাজনিশা কাঠুৱা জিলাৰ ৰাজবন্ধ অঞ্চলৰ ঝাৰঘাণ্টী গাঁৱত ধাৰাসাৰ বৰষুণৰ ফলত ভূমিস্খলন সংঘটিত হয়।
ভূমিস্খলনত সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰে অঞ্চলটো। যাৰ বাবে অঞ্চলটোত থকা ঘৰ-দুৱাৰ আৰু মাটিৰ ক্ষতিসাধন হয়।
তথ্য অনুসৰি , কাঠুৱা আৰক্ষী থানা এলেকাৰ চাংদা আৰু বাগাৰ্ড গাঁওসমূহো ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ উপৰিও লখানপুৰ থানা এলেকাৰ দিলৱান-হুতলী গাঁওসমূহো ক্ষতিগ্ৰস্ত হৈছে যদিও তাত হোৱা ক্ষতিৰ পৰিমাণ বহু কম।
ভূমিস্খলনৰ খবৰ পাই কাঠুৱা থানাৰ অন্তৰ্গত গাঁওখনত উপস্থিত হয় ৰাজ্যৰ দুৰ্যোগ ব্যৱস্থাপনা দল আৰু আৰক্ষী। জৰ্ঘন্টি গাঁৱৰ পৰা উদ্ধাৰ কৰে চাৰিজন লোকৰ মৃতদেহ।
তদুপৰি আহতসকলক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
স্থানীয় প্ৰশাসনে অৱগত কৰিছে যে তেওঁলোকে পৰিস্থিতি নিৰীক্ষণ কৰি আছে। কিন্তু বিগত কিছুদিন ধৰি ধাৰাবাহিকভাৱে হোৱা বৰষুণৰ বাবে অঞ্চলটোৰ বিভিন্ন নদীৰ জলপৃষ্ঠ বিপদৰ চিহ্নৰ ওচৰ পালেগৈ বুলি প্ৰশাসনে অৱগত কৰিছে।
স্থানীয় প্ৰশাসনে জনাইছে যে,তেওঁলোকে পৰিস্থিতি নিৰীক্ষণ কৰি আছে। কিন্তু বিগত কিছুদিন ধৰি ধাৰাবাহিকভাৱে হোৱা বৰষুণৰ বাবে অঞ্চলটোৰ বিভিন্ন নদীৰ জলপৃষ্ঠ বিপদৰ সীমা অতিক্ৰম কৰিছে।






























