Kangana Ranaut :✒️তেওঁ মুখ খুলিলেই বিতর্ক হয়। এইবাৰ প্ৰেম আৰু সম্পৰ্কক লৈ মন্তব্য কৰি বিতৰ্ক সৃষ্টি কৰিলে কংগনা ৰণৌটে। অভিনয়ৰ সমান্তৰালকৈ তেওঁ ইতিমধ্যে ৰাজনীতিৰ যাত্রাও আৰম্ভ কৰিছে।
সম্প্রতি তেওঁ বিজেপিৰ সাংসদ; কিন্তু নিজৰ ব্যক্তিগত জীৱনক লৈ সততে কংগনা খবৰলৈ নাহে। দীর্ঘদিন ধৰি তেওঁ অবিবাহিতই হৈ আছে। একাধিক সম্পর্ক হ’লেও বিয়া হোৱা নাই আৰু এইবোৰৰ প্ৰসংগত তেওঁ কেতিয়াও মুখ নোখোলে। আনকি সংগী বিচাৰি কেতিয়াও তেওঁ ডেটিং এপতো ভুমুকি মৰা নাই।
আজিকালি সংগীৰ সন্ধানত বহুতেই ডেটিং এপত একাউন্ট খোলে। যদিও এই ধৰণৰ এপত কংগনাৰ কোনো ভৰসা নাই। বৰঞ্চ ডেটিং এপৰ নাম শুনিলেই অভিনেত্ৰীগৰাকী খৰ্গহস্ত হৈ পৰে।
ডেটিং এপক তেওঁ নর্দমাৰ লগতহে তুলনা কৰে। তেওঁ কয়, ‘মই কেতিয়াও ডেটিং এপত থাকিব বিচৰা নাই। ই হ’ল সমাজৰ নৰ্দমাৰ দৰে। এইসকলৰ প্ৰত্যেকৰে জীৱনত কিবা প্রয়োজন থাকে। কাৰোবাৰ আৰ্থিক প্রয়োজন, কাৰোবাৰ আকৌ শাৰীৰিক প্ৰয়োজন।’
উল্লেখ্য যে সাম্প্রতিক যুগৰ সম্পৰ্কক কেন্দ্ৰ কৰিও হতাশ কংগনা। সাংসদগৰাকীয়ে কয়, ‘আজিৰ যুগত নাৰী আৰু পুৰুষ উভয়ৰেই কিবা নহয় কিবা প্রয়োজন আছে; কিন্তু সেই প্রয়োজনবোৰ কিদৰে বুজা যাব? সেইটোৱেই মোৰ প্রশ্ন। সুস্থ আৰু ভদ্রভারে সম্পর্ক সৃষ্টি কৰা উচিত, নে নিতৌ নিশা সংগী বিচাৰিবলৈ বাহিৰলৈ ওলাই যোৱাৰ দৰে অসভ্যালি কৰা উচিত? এয়া হৈছে আজিৰ যুগৰ সম্পৰ্কৰ ধৰণ, যিটো অত্যন্ত ভয়াৱহ।’






























