APDCL:✒️প্রথমতে চাপৰত উচ্ছেদ আৰু তাৰ পাছত সেই স্থানত স্থাপন হ’বলগীয়া কয়লা ভিত্তিক তাপবিদ্যুৎ প্রকল্পৰ পৰা অসম বিদ্যুৎ বিতৰণ লিমিটেড (এপিডিচিএল)ক ৩২০০ মেগাৱাট বিদ্যুৎ ক্রয়ত আগতীয়াকৈয়ে অনুমোদন দিলে অসম বিদ্যুৎ নিয়ামক আয়োগে।
উচ্ছেদিত ভূমিত আদানী গ্রুপে স্থাপন কৰিব কয়লা ভিত্তিক বিদ্যুৎ উৎপাদন কেন্দ্রটো। এতিয়াও উদ্যোগটোৰ নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা নাই। আনকি উচ্ছেদিত ভূমি পৰিষ্কাৰো হোৱা নাই। তাৰ পূৰ্বেই স্থাপন হ’বলগীয়া তাপবিদ্যুৎ প্ৰকল্পৰ পৰা বিদ্যুৎ ক্ৰয়ৰ সকলো প্রক্রিয়াই সম্পূর্ণ কৰিলে এপিডিচিএলে।
যিহেতু বিদ্যুৎ ক্ৰয়ৰ অনুমোদন প্রথমতে যিহেতু নিয়ামক আয়োগৰ পৰা ল’ব লাগে, গতিকে সেই প্রক্রিয়াও অতি ক্ষিপ্ৰতাৰে এপিডিচিএলে সম্পূর্ণ কৰিলে। আদানীৰ প্ৰতি এনে ‘দায়বদ্ধতা’ দেখুৱাবলৈকে এপিডিচিএলে ইয়াৰ নীতিও ইতিমধ্যে সলনি কৰিলে।
এই সকলো সম্ভৱ কৰিবলৈ এপিডিচিএলে নিয়ামক আয়োগক কয় যে অসমে কিছু বছৰ পাছতে গুৰুতৰ বিদ্যুৎ সংকটত ভুগিব লাগিব। এপিডিচিএলৰ পৰা নিয়ামক আয়োগক দাখিল কৰা তথ্য অনুসৰি, ২০২৪-২৫ বিত্তীয় বর্ষত অসমত বিদ্যুতৰ চাহিদা ইতিমধ্যে ২৮০৯ মেগাৱাটলৈ বৃদ্ধি হৈছে। অসমত প্রতি বছৰে বিদ্যুতৰ চাহিদা বৃদ্ধিৰ হাৰ হ’ল ৭.৮৮ শতাংশ।
এই হাৰৰ ওপৰত ভিত্তি কৰি এপিডিচিএলে নিয়ামক আয়োগক দাখিল কৰা তথ্যত উল্লেখ কৰে যে ২০৩২-৩৩ত অসমত অতিৰিক্তভাবে আৰু এহেজাৰ মেগাৱাট বিদ্যুতৰ চাহিদা বৃদ্ধি হ’ব। ২০৩৫-৩৬ত অতিৰিক্তভাবে প্রয়োজন হ’বলগীয়া বিদ্যুতৰ পৰিমাণ হ’ব ১৫০০ মেগাবাট।
আজিৰ হিচাপত অসমত বিদ্যুতৰ চাহিদা অব্যাহত থাকিলে ২০৩২-৩৩ত চাহিদাৰ বিপৰীতে ঘাটি বিদ্যুতৰ পৰিমাণ হ’ব ৩৩৫৩ মেগাৱাট আৰু ২০৩৫-৩৬ত সেই ঘাটিৰ পৰিমাণ বৃদ্ধি হ’ব ৫১৬৯ মেগাবাটলৈ। গতিকে সেই অতি জটিল পৰিস্থিতিৰ মুখত ৰাজ্যখন নপৰিবলৈ বিদ্যুৎ ক্রয়ত অনুমোদন জনোবাটো আৱশ্যক হৈ পৰিছে।
তাৰ বাবে অসমতে উৎপাদিত হ’বলগীয়া কয়লাভিত্তিক উদ্যোগৰ পৰা এপিডিচিএলে কমেও ৩২০০ মেগারাট বিদ্যুৎ ক্রয় কৰিব লাগিব। এপিডিচিএলৰ ভাষ্যৰ ভিত্তিতে নিয়ামক আয়োগে অলপতে এই প্রস্তাৱটোত অনুমোদন দিয়ে। তাৰ জৰিয়তে এপিডিচিএলে ধুবুৰী জিলাৰ চাপৰত আদানী গ্রুপে স্থাপন কৰিবলগীয়া কয়লাভিত্তিক তাপবিদ্যুৎ প্রকল্পৰ পৰা বিদ্যুৎ ক্রয় কৰাৰ দুৱাৰ মুকলি হয়।
এনেদৰে আদানী গ্ৰুপৰ বিদ্যুৎ ক্ৰয়ৰ অনুমোদন লাভৰ পূর্বে বহু বিতর্কিত গোষ্ঠীটোৰ সহায়ক হোৱাকৈ এপিডিচিএলে ইয়াৰ নীতিতো সংশোধনী আনে। শক্তি মন্ত্রণালয়ে ২০১৯ত জাৰি কৰা এক নির্দেশনা অনুসৰি, কোনো শক্তি প্রকল্প স্থাপন কৰিবলৈ হ’লে ন্যূনতম মূলধনী ব্যয় এশ কোটি টকা হ’বই লাগিব। এপিডিচিএলে এই নির্দেশনাটোত সংশোধনী আনি মূলধনী ব্যয়ৰ পৰিমাণ ২,৫০০ কোটি টকালৈ বৃদ্ধি কৰে। ইয়াৰ মূল কাৰণ হ’ল এশ কোটি টকা ব্যয় কৰিব পৰা বহু প্রতিষ্ঠান আছে; কিন্তু একেকোবে ন্যূনতম ২,৫০০ কোটি টকা ব্যয় কৰিব পৰা প্ৰতিষ্ঠানৰ সংখ্যা ভাৰতৰ প্ৰেক্ষাপটত একেবাৰে নগণ্য সংখ্যক। তদুপৰি ইমান বৃহৎ পৰিমাণৰ মূলধন ব্যয় কৰিব নিবিচাৰে অধিকাংশ প্রতিষ্ঠানে।
মূলধনী ব্যয় বৃদ্ধিৰ চৰ্তটোৰ লগত আৰু এটা বিষয় সংযোজিত কৰা হয়। সেয়া হ’ল নতুন বিদ্যুৎ প্রকল্প তেনে প্রতিষ্ঠানেহে স্থাপন কৰিব পাৰিব, যাৰ এই ধৰণৰ বৃহৎ বিনিয়োগ আৰু দক্ষতাবে কাম কৰাৰ বিশেষ অভিজ্ঞতা আছে। তদুপৰি এই ধৰণৰ কাম কৰাৰ বাবে প্রতিষ্ঠানটোৰ পূৰ্বৰে পৰা বিশ্বাসযোগ্যতা থাকিব লাগিব। গতিকে একমাত্র আদানী গ্ৰুপৰ সুবিধা হোৱাকৈ কেবল মূলধনী ব্যয় বৃদ্ধিতে বৈ নাথাকি এপিডিচিএলে এনে ধৰণৰ আনুষংগিক চৰ্তবোৰো নতুন নীতিত সংযোজিত কৰে।
গতিকে কমেও ২,৫০০ কোটি টকা ব্যয় কৰিবলৈ কোনোবা উদ্যোগ প্রতিষ্ঠান ওলালেও অন্ততঃ অভিজ্ঞতা আৰু বিশ্বাসযোগ্যতাৰে যাতে কাম আদায় কৰিব নোৱাৰে, সেই ব্যৱস্থা কৰা হয়।
ইপিনে, চাপৰত প্ৰকল্পটো স্থাপনৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত পথ, ৰেল আৰু জলপৰিবহণৰ দিশটোত চৰকাৰে মূল গুৰুত্ব দিয়ে। সেই দিশৰ পৰা চাপৰ আটাইতকৈ উপযুক্ত বুলি অসম চৰকাৰে নিৰ্ধাৰণ কৰিছে। তদুপৰি গ্ৰীডৰ সংযোগো চাপৰৰ পৰাই সুচল হ’ব বুলি এপিডিচিএল আৰু আদানী গ্রুপ নিশ্চিত হৈছে। এনেদৰেই চাপৰৰ বৃহৎ ভূমিত উচ্ছেদ চলাই আদানী গ্ৰুপৰ কয়লা ভিত্তিত তাপবিদ্যুৎ প্রকল্পৰ সকলো প্রক্রিয়া চমু কৰি আনিছে এপিডিএল তথা অসম চৰকাৰে।






























