Donald Trump: ✒️ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধবিৰতিৰ লক্ষ্যৰে হোৱা আলাস্কাৰ বৈঠক বিশেষ ফলপ্ৰসূ নহ’ল । যুদ্ধবিৰতিৰ চৰ্ত হিচাপে সমগ্ৰ ডনেটস্ক অঞ্চল ৰাছিয়াক গতাই দিয়াৰ প্ৰস্তাৱ দিছে ভ্লাদিমিৰ পুটিনে।
বৈঠকৰ অন্তত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে জেলেনস্কিৰ আগত পুটিনৰ এই প্ৰস্তাৱ প্ৰেৰণ কৰে। যদিও জেলেনস্কিয়ে এই প্ৰস্তাৱ সম্পূৰ্ণৰূপে নাকচ কৰে।
ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ স’তে সাক্ষাৎ কৰাৰ পাছত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইউক্ৰেইনক জনাইছে যে,ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে চৰ্তসাপেক্ষ যুদ্ধবিৰতিৰ প্ৰস্তাৱ দিছে।
তেনে ক্ষেত্ৰত ইউক্ৰেইনে পূব ডনেস্ক আৰু লুহানস্ক অঞ্চলৰ পৰা সৈন্য প্ৰত্যাহাৰ কৰিলেহে ৰাছিয়াই আন অঞ্চলত যুদ্ধ বন্ধ কৰিবলৈ সাজু। বৰ্তমান এই অঞ্চলৰ তিনি চতুৰ্থাংশ আৰু সামগ্ৰিকভাৱে ইউক্ৰেইনৰ পাঁচ ভাগৰ এভাগ ৰাছিয়াই নিয়ন্ত্ৰণত আছে।
প্ৰাপ্ত তথ্য অনুসৰি,শুকুৰবাৰে আলাস্কাত অনুষ্ঠিত এখন বৈঠকত পুটিনে কয় যে ইউক্ৰেইনে ডনবাছ অঞ্চলৰ পৰা সম্পূৰ্ণৰূপে আঁতৰি গ’লে ৰাছিয়াই দক্ষিণ অঞ্চলৰ খেৰচন আৰু জাপ’ৰিজিয়াত যুদ্ধ বন্ধ কৰিব।
তেনে ক্ষেত্ৰত ৰাছিয়াই ৰাছিয়াৰ সেনাক বৰ্তমান য’ত আছে তাতেই ৰখাব। বৰ্তমান ডনেটস্কৰ ৭০ শতাংশ ৰাছিয়াৰ সৈন্যই দখল কৰিছে।
ট্ৰাম্প আৰু আমেৰিকাৰ ৰাষ্ট্ৰদূত ষ্টিভ উইটকফে এই বিষয়ে জেলেনস্কিক অৱগত কৰে। লগতে এই প্ৰস্তাৱ গ্ৰহণ নকৰিলে যুদ্ধবিৰতি হ’ব নোৱাৰে বুলিও কয়।
ইফালে আলাস্কাৰ বৈঠকৰ শেষত ছ’চিয়েল মিডিয়াত ট্ৰাম্পে কয় যে, “ৰাছিয়া এখন মহান শক্তিশালী ৰাষ্ট্ৰ, আৰু ইয়াৰ তুলনাত ইউক্ৰেইন একো নহয়। ফলত আপোচ কৰিব লাগিব। যুদ্ধবিৰতি বেছি দিন নাথাকে। ফলত এই যুদ্ধৰ অন্ত পেলাবলৈ স্থায়ী শান্তি চুক্তিৰ প্ৰয়োজন।”
ট্ৰাম্পে লগতে কয়, “তেওঁ আৰু পুটিনে ইউক্ৰেইনক মাটি হস্তান্তৰ কৰি নিৰাপত্তাৰ নিশ্চয়তা প্ৰদান কৰিবলৈ সন্মত হৈছে। কিন্তু এই বিষয়ত চূড়ান্ত সিদ্ধান্ত অৱশ্যেই ইউক্ৰেইনৰ। তেনে ক্ষেত্ৰত তেওঁলোকে ‘নাই’ ক’ব পাৰে।”
ইফালে, জেলেনস্কিয়ে স্পষ্ট কৰি দিছে যে সাংবিধানিক পৰিৱৰ্তন অবিহনে ইউক্ৰেইনে কোনো ভূখণ্ড এৰি নিদিয়ে, ডনেটস্ক চহৰ স্লোভিয়ানস্ক আৰু ক্ৰামাটৰ্স্কক ৰাছিয়াই যুদ্ধ সম্প্ৰসাৰণৰ বিৰুদ্ধে ইউক্ৰেইন দুৰ্গ বুলি উল্লেখ কৰিছে।
ট্ৰাম্পৰ স’তে আলোচনাৰ অন্তত তেওঁ কয় যে নিৰাপত্তাৰ নিশ্চয়তাৰ সন্দৰ্ভত আমেৰিকাৰ পৰা ‘ইতিবাচক সংকেত’ আহিছে, কিন্তু সেই ক্ষেত্ৰত কেৱল সাময়িক যুদ্ধবিৰতি নহয়, স্থায়ী শান্তি হ’ব লাগে।’
এই পৰিস্থিতিৰ মাজতে জেলেনস্কিয়ে জনাইছে,তেওঁ সোমবাৰে ৱাশ্বিংটনত ট্ৰাম্পক সাক্ষাৎ কৰিব। আনহাতে, কিয়েভৰ ইউৰোপীয় বন্ধুসকলে ট্ৰাম্পৰ এই প্ৰচেষ্টাক আদৰণি জনাইছিল যদিও ইউক্ৰেইনক সমৰ্থন কৰাৰ লগতে ৰাছিয়াৰ ওপৰত নিষেধাজ্ঞা কটকটীয়া কৰাৰ প্ৰতিশ্ৰুতি দিছিল।
সোমবাৰৰ আলোচনাত যোগদান কৰিবলৈ ইউৰোপীয় নেতাসকলকো আমন্ত্ৰণ জনোৱা হৈছে বুলি সূত্ৰই প্ৰকাশ কৰিছে। তেওঁলোকে ট্ৰাম্প আৰু পুটিনৰ মাজত হোৱা বৈঠকক আদৰণি জনাইছে, আৰু এক বিবৃতিত কয় যে ইউক্ৰেইনক নিৰাপত্তাৰ নিশ্চয়তা দিব লাগিব।
তেনে ক্ষেত্ৰত ইউক্ৰেইনক নাটোৰ সদস্যপদ প্ৰদানৰ ক্ষেত্ৰত কোনো বাধা থাকিব নালাগে। ইউৰোপৰ একাংশ নেতাই ট্ৰাম্প-পুটিনৰ বৈঠকক পুটিনৰ বাবে ‘১-০’ জয় বুলি বৰ্ণনা কৰি ইউক্ৰেইনে কোনো নিৰ্দিষ্ট সুবিধা লাভ কৰা নাই বুলি কয়।
ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেয়াৰ ষ্টাৰমাৰে কয় যে,যুদ্ধৰ অন্ত পেলোৱাৰ দিশত বহু দূৰ আগবাঢ়িছে যদিও ৰাছিয়াৰ ওপৰত হেঁচা অব্যাহত থাকিব লাগিব।






























