Yawning:✒️টোপনি ধৰিলে মানুহে হামি মাৰে। বহুতে আকৌ ধেমালিতে হামিক ‘সোঁচৰা’ বুলিও কয়। কিয়নো কে’বাজনো লোক থকা অৱস্থাত হামি মাৰিলে প্ৰায়ে ওচৰৰ লোকেও হামি মৰা দেখা যায়। বহুতে এই হামি মৰাৰ অন্তৰালত শাৰীৰিক ক্লান্তি বা শৰীৰত অক্সিজেনৰ অভাৱকে দায়ী কৰে।
অফিচৰ জৰুৰী বৈঠক, কোনো সামাজিক অনুষ্ঠানত উপস্থিত থকাৰ পৰত ঘনাই হামিয়াই থাকিলে অতি অস্বস্তিতো পৰিবলগীয়া হয়। কিন্তু এই হামি আমাৰ স্বাস্থ্যৰ বাবে কিমান উপকাৰী জানেনে?
আচৰিত হৈছে যদিও জানি থওক যে হঠাৎ মৰা হামিয়ে আপোনাক অনেক উপকৃত কৰিব পাৰে। কিন্তু কেনেকৈ? হামিৰ এই উপকাৰী দিশবোৰ তলত উল্লেখ কৰা হ’ল।
মস্তিষ্কলৈ অক্সিজেন সঞ্চালন বৃদ্ধি
হামি মৰাৰ ফলত শৰীৰত অনেক বেছি অক্সিজেন প্ৰৱেশ কৰে। আপুনি যেতিয়া হামি মাৰিব, তেতিয়াই অক্সিজেন হাঁওফাঁওত প্ৰৱেশ কৰে আৰু হাঁওফাঁওৰ পৰা ক্ষতিকাৰক বতাহ বা কার্বন-ডাই-আইড বাহিৰলৈ ওলাই যায়। ইয়াৰ ফলত মস্তিষ্কলৈ অক্সিজেন সঞ্চালন বৃদ্ধি পায়।
মস্তিষ্কলৈ ৰক্তপ্রবাহ বা ৰক্ত সঞ্চালন বৃদ্ধি
গৱেষণাত দেখা গৈছে যে হামি মৰা কাৰ্যই মস্তিষ্কৰ উত্তেজনা প্রশমিত কৰি মস্তিষ্কক শিথিল কৰাৰ সমান্তৰালকৈ মানসিক দক্ষতাও বৃদ্ধি কৰে। গৱেষকৰ মতে, হামি মৰা কাৰ্যই স্নায়ুতন্ত্ৰৰ উদ্দীপক ৰূপে কাম কৰে আৰু মস্তিষ্কলৈ ৰক্তপ্রবাহ বা ৰক্ত সঞ্চালন বৃদ্ধি কৰে। ইয়াৰ উপৰি হামি মৰাৰ ফলত আমাৰ শৰীৰত, সিৰা-উপসিৰাত অক্সিজেনৰ অভাৱ পূৰণ হয়।
চকু পিছল কৰে
হামি মাৰিলে চকুৰ লগতে অশ্রুগ্ৰন্থিৰ ওপৰত চাপ পৰে। ফলত অক্ষিগোলক অশ্রুসিক্ত হৈ পৰিষ্কাৰ হৈ পৰে আৰু মানুহৰ দৃষ্টি অধিক স্বচ্ছ হৈ পৰে।
কাণৰ অস্বস্তি দূৰ কৰে
বিমান বা এলিভেটৰ বা লিফ্টৰ দ্বাৰা বহু উচ্চতালৈ উঠাৰ পৰত বহুতৰে কাণৰ বিষ, অস্বস্তি আৰু শ্ৰৱণৰ সমস্যা হ’ব পাৰে। কাণ দুখন বন্ধ হোৱাৰ দৰে হয়। এই সমস্যাৰ উপশম ঘটিব পাৰে হামিৰ মাধ্যমেৰে। গৱেষকৰ মতে, উচ্চতাৰ দ্রুত পৰিৱৰ্তনৰ সময়ত হামি মাৰিলে কাণৰ বায়ুৰ চাপৰ ভাৰসাম্য ৰক্ষাত সহায়ক হয়।
মাংসপেশী প্ৰসাৰিত কৰে
হামি মাৰিলে মুখ আৰু বুকুৰ মাংসপেশী প্ৰসাৰিত হয়। ফলত শৰীৰৰ দীর্ঘ ক্ষণৰ জড়তা বা জঠৰতা মুহূৰ্ততে উধাও হয়।
তাপমাত্রা নিয়ন্ত্ৰকৰ কাম কৰে
আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্রিন্সটন আৰু এৰিজ’না বিশ্ববিদ্যালয়ৰ গৱেষণাত দেখা গৈছে যে হামিয়ে আমাৰ শৰীৰ আৰু মস্তিষ্কৰ তাপমাত্রা নিয়ন্ত্রণ কৰাত সহায় কৰে। গ্ৰীষ্মকালত আমাৰ শৰীৰৰ তাপমাত্রা শীতকালৰ তুলনাত বহু বেছি থাকে। সেয়ে গ্রীষ্মকালত তুলনামূলকভাৱে বেছি হামি মাৰে মানুহে।
