IndiGo:✒️ডিব্ৰুগড়ৰ পৰা গুৱাহাটী অভিমুখী ইণ্ডিগ’ৰ এখন বিমান কালি বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠত অৱতৰণৰ সময়ত বিকল্প ব্যৱস্থা গ্ৰহণ কৰাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে।
প্রায় সঘনে সৰু-ডাঙৰ কে’বাটাও বিমান দুর্ঘটনা সংঘটিত হৈ থকাৰ সময়তে সম্প্ৰতি ঘটনাটো সেয়েহে বিশেষ চৰ্চাৰ বিষয় হৈ পৰিছে।
উল্লেখ্য যে ইণ্ডিগ’ৰ ৬ই-১৮৭ নম্বৰৰ বিমানখনে কালি বিয়লি নির্ধাৰিত সময় অনুসৰিয়ে ডিব্ৰুগড়ৰ পৰা আহি বৰঝাৰত অৱতৰণৰ বাবে সাজু হৈছিল।
বিমানখনক অৱতৰণৰ বাবে যিটো পথৰ সংকেত দিয়া হৈছিল, সেইটোৰ পৰিৱৰ্তে আন এটাতহে বিমানখনে অৱতৰণ কৰে। জৰুৰী কোনো কাৰণ নহ’লে এনেদৰে বিকল্প হিচাপে থকা পথত বিমানে অৱতৰণ নকৰে। গতিকে এই বিমানখনত এনে কি জৰুৰী কাৰণৰ উদ্ভৱ হয় যে সংকেত দিয়া দিশেৰে বিমানখনক অৱতৰণ কৰোৱাৰ পৰা চালক বিৰত থাকিবলগীয়া হয়।
ইয়াৰ কাৰণ অৱশ্যে সংশ্লিষ্ট কোনো এটা পক্ষই প্রকাশ কৰা নাই। তদুপৰি কাৰো একো হানি-বিঘিনিও হোৱা নাই। প্রসংগক্রমে উল্লেখ্য যে এই বিমানখনত যাত্রী হিচাপে অসম চৰকাৰৰ মন্ত্ৰী বিমল বড়াও আছিল।






























