Air India:✒️পুনৰ এয়াৰ ইণ্ডিয়াৰ বিমানত যান্ত্ৰিক সমস্যা। কোচি বিমানবন্দৰত বাতিল কৰা হৈছে দিল্লী অভিমুখী এয়াৰ ইণ্ডিয়াৰ এখন বিমান। বিমানখনত আছিল এৰ্নাকুলাম কংগ্ৰেছৰ সাংসদ হিবি ইডেন আৰু ৰাজ্যসভাৰ সাংসদ জে বি মাথাৰ।
এই বিষয়ে ছচিয়েল মিডিয়াত পোষ্ট কৰে হিবিয়ে।দেওবাৰে নিশা ১০:৪০ বজাত কোচিৰ পৰা দিল্লীলৈ যাত্ৰাৰ কথা আছিল ইণ্ডিয়াৰ এ আই ৫০৪ বিমান ।
কিন্তু টেক অফৰ ঠিক আগতেই ধৰা পৰে এটা যান্ত্ৰিক ত্ৰুটি । তাৰ পাছতে বিমানখনৰ ক্ৰুৱে বিমানখন স্থগিত ৰখাৰ সিদ্ধান্ত লয় আৰু বিমানখন ঘূৰাই অনা হয়।বিমানখনত কোনো বিসংগতি আছে নেকি পৰিদৰ্শন কৰা হৈছে।
এৰ্নাকুলামৰ সাংসদ হিবি ইডেনে সামাজিক মাধ্যমত লিখিছে, “এই বিমানখনত কোনো সমস্যা হৈছে। যেন বিমানখন ৰাণৱেৰ পৰা পিছলৈ গৈছে। এতিয়াও বিমান আৰম্ভ হোৱা নাই।”
পৰৱৰ্ত্তী সময়ত বিমানখন বাতিল কৰা হয়। নিশা এক বজাত আন এখন বিমানত উৰণৰ ব্যৱস্থা কৰা হ’ল। বিমানখনত আছিল ৰাজ্যসভাৰ সাংসদ জে বি মাথাছও।
তেওঁ জনাইছে, বিমানখনৰ পাইলটে ঘোষণা কৰিছে যে,বিমানখনে আৰু যাত্ৰা নকৰে ।যাত্ৰীসকলক নতুন বিমানলৈ স্থানান্তৰ কৰা হ’ব।
এয়াৰ ইণ্ডিয়াই এক বিবৃতিত কয় যে এই “দুৰ্ভাগ্যজনক” কাণ্ডৰ বাবে তেওঁলোক “দুঃখিত” । বিমান সংস্থাটোৱে এই বিমানখন বাতিল কৰে। নিয়ম অনুসৰি বিমানখন ৰক্ষণাবেক্ষণৰ বাবে বিমানবন্দৰলৈ ঘূৰাই অনা হৈছিল।লগতে বাতিল কৰা হৈছে এয়াৰ ইণ্ডিয়াৰ আৰু তিনিখন বিমান।
কোচিৰ পৰা মুম্বাইলৈ এয়াৰ ইণ্ডিয়াৰ বিমান AI624 আৰু মিলানৰ পৰা দিল্লীলৈ বয়িং ৭৮৭-৮ ড্ৰিমলাইনাৰ বিমান। কাৰিকৰী বিজুতি ধৰা পৰাত বাতিল কৰা হয় ড্ৰিমলাইনাৰৰ বিমানখন।
কাৰিকৰী দোষ পৰীক্ষাৰ অন্তত বাতিল কৰা হয় ড্ৰিমলাইনাৰৰ বিমানখন। ইফালে ১৬ আগষ্টত মিলানৰ পৰা দিল্লীলৈ যোৱা AI138 বিমানো বাতিল কৰা হয়।






























