Pakistan:✒️প্ৰকৃতিৰ ৰোষত কাৰ্যত নৰকত পৰিণত হৈছে পাকিস্তান। বিগত জুন মাহৰ পৰা ধাৰাসাৰ বৰষুণৰ ফলত আকস্মিক বান আৰু ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে।
পাকিস্তানৰ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ এক প্ৰতিবেদনত কোৱা হৈছে যে জুন মাহৰ পৰা দেশত দুৰ্যোগৰ ফলত ৬৫৭ জন লোকৰ মৃত্যু হৈছে। আহত হৈছে ১০০০ৰো অধিক লোক। এতিয়াও সন্ধানহীন হৈ আছে বহু লোক।
পাকিস্তান প্ৰশাসনে জনোৱা মতে, আন বছৰৰ তুলনাত এই বছৰ ভয়াৱহ বানৰ কৱলত পৰিছে পাকিস্তান।যাৰ ফল সাধাৰণ জনতাই ভুগিছে ।
পাকিস্তানৰ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ মুখপাত্ৰ তৈয়ব শ্বাহে কয় যে এইবাৰৰ বৰষুণৰ পৰিমাণ আন বছৰৰ তুলনাত ৬০ শতাংশ বেছি হৈছে।
অহা ২২ আগষ্টৰ পৰা কেবাঠাইতো প্ৰবল বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে।
ছেপ্টেম্বৰ মাহত দুটাৰ পৰা তিনিটাকৈ প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ধাৰাসাৰ বৰষুণৰ ফলত এই পৰ্যন্ত ৬৫৭ জন লোকৰ মৃত্যু হৈছে ।
ইয়াৰে ১৭১ গৰাকী শিশু, ৯৪ গৰাকী মহিলা আৰু ৩৯২ গৰাকী পুৰুষৰ মৃত্যু হৈছে। তদুপৰি ২৬ জুনৰ পৰা আহতসকলৰ সংখ্যা এতিয়াও হাজাৰৰো অধিক।
দুৰ্যোগৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা সৰ্বাধিক খাইবাৰ পখতুনখোৱাত। কেৱল এই প্ৰদেশতে আকস্মিক বান আৰু অন্যান্য দুৰ্ঘটনাত ৩৯৪ জন লোকৰ মৃত্যু হৈছে।
ইয়াৰে ৫৯ জন শিশু আৰু ৪৩ জন মহিলা। ইয়াৰ পাছত এই তালিকাত দ্বিতীয় স্থানত আছে পাকিস্তানৰ পঞ্জাব প্ৰদেশ।
তাত মৃত্যু হোৱা লোকৰ সংখ্যা ১৬৪ জন।সিন্ধ অঞ্চলত ২৮ জন লোকৰ মৃত্যু হৈছে। পাকিস্তান অধিকৃত কাশ্মীৰতো এই দুৰ্যোগে ব্যাপক ৰূপ ধাৰণ কৰিছে।
গিলগিট-বাল্টিস্তানত ৩২ জন লোকৰ মৃত্যু হৈছে।খাইবাৰ পখতুনখোৱাৰ বুনেৰ আৰু শ্বাংলা জিলাত এতিয়াও সন্ধানহীন হৈ আছে ১৫০ জন লোক। কেৱল বুনাৰত এই সংখ্যা ৮৪ জন।
খাইবাৰ পখতুনখোৱাৰ ভয়াৱহ পৰিস্থিতিৰ স’তে মোকাবিলা কৰিবলৈ প্ৰশাসনে ব্যাপক উদ্ধাৰ অভিযান আৰম্ভ কৰিছে।
অঞ্চলটোত অস্থায়ী তম্বু স্থাপনৰ উপৰিও ঔষধ আৰু অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী প্ৰেৰণ কৰা হৈছে। ৬১খন চৰকাৰী বিদ্যালয় সম্পূর্ণৰূপে ধ্বংস হৈছে আকস্মিক বানত৷ ৪১৪খন বিদ্যালয়ৰ ভয়াৱহ ক্ষতিসাধন হৈছে।






























