Congress Protest in Dhubri :
কংগ্ৰেছৰ সংখ্যাগৰিষ্ঠা থাকিও ধুবুৰী জিলা পৰিষদ এআইইউডিএফৰ দখললৈ যোৱাক লৈ জিলা কংগ্ৰেছত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয় ৷ যাক লৈ সোমবাৰে ৰাজীৱ ভৱনত ক্ষুব্ধ কংগ্ৰেছীয়ে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷ সাংসদ ৰকিবুল হুছেইন, বিধায়কদ্বয় ক্ৰমে, ছোবাহান সৰকাৰ, ওৱাজেদ আলী চৌধুৰীক বয়কট কৰে ।
উল্লেখ্য যে,ধুবুৰী জিলা পৰিষদত কংগ্ৰেছৰ দহ জনকৈ প্ৰাৰ্থী বিজয়ী হোৱাৰ পিছতো ধুবুৰী জিলা পৰিষদত গঠন কৰাত ব্যৰ্থ হোৱাত ক্ষোভিত কংগ্ৰেছ কৰ্মীয়ে ধুবুৰী ৰাজীৱ ভৱনত তলা লগোৱাৰ লগতে বিধায়ক ছোবাহান সৰকাৰৰ বাহনত চলালে আক্ৰমণ।
ক্ষুব্ধ কৰ্মীৰ হুংকাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈ আহি ৰাজহুৱা ভাবে জিলা কংগ্ৰেছৰ মজিয়াত বিচাৰ নকৰালৈকে বন্ধ থাকিব ধুবুৰী কংগ্ৰেছ ভৱন । কংগ্ৰেছৰ এই লজ্জাজনক পৰাজয়ৰ বাবে সাংসদ ৰকিবুল হুছেইন, বিধায়কদ্বয় ক্ৰমে, ছোবাহান সৰকাৰ, ওৱাজেদ আলী চৌধুৰীক জগৰীয়া কৰে কংগ্ৰেছ কৰ্মী সকলে।






























