Drugs Seize with Paddlar Arrested:
ড্ৰাগছৰ বিৰুদ্ধে হোজাই আৰক্ষীয়ে অব্যাহত ৰখা অভিযানৰ মাজতে সোমবাৰে হোজাই আৰক্ষীয়ে দুখন বাহনত তালাচী চলাই জব্দ কৰে বুজন পৰিমাণৰ ড্ৰাগছ ৷
ADVERTISEMENT
এএছ-০৬-এএম -৬১৬৯নম্বৰৰ অল্ট বাহন আৰু এআৰ ৯১-ই-৯৫৪৪নম্বৰৰ জেন বাহন দুখনত গোপন চেম্বাৰ বনাই ৫৪টা চাবোনৰ বাকচত লুকুৱাই আনিছিল ড্ৰাগছ খিনি ৷ ড্ৰাগছ খিনি মিজোৰামৰ পৰা নগাঁৱলৈ সৰবৰাহ কৰাৰ সময়ত হোজাই আৰক্ষীয়ে বিশেষ খবৰৰ ভিত্তিত শংকৰদেৱ নগৰৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত বাহন দুখন আবদ্ধ কৰি তালাচী চলাই জব্দ কৰে ৷ লগতে আটক কৰে চাৰি সৰবৰাহকাৰীক ৷






























