Car:✒️হোণ্ডাৰ আকর্ষণীয় ৰেহাই
গাড়ী কিনিম বুলি ভাবি থকাসকলৰ বাবে সুখবৰ। হোন্ডা কাৰ ইণ্ডিয়াই ইয়াৰ গ্রেট ইণ্ডিয়া ফেষ্ট অভিযানৰ অধীনত গ্রাহকক আকর্ষণীয় ৰেহাই আৰু সুবিধা প্রদান কৰিছে। কোম্পানীটোৰ তিনিখন জনপ্রিয় মডেল- এমেজ, চিটি আৰু এলিভেটৰ গ্ৰাহকৰ বাবে বিশেষ অফাৰ চলি আছে।
এই অফাৰৰ অধীনত চিটি চেডানত ৭৭,২০০ টকা পর্যন্ত, এমেজত ১.০৭ লাখ টকা পর্যন্ত আৰু এলিভেটত ১.২২ লাখ টকা পর্যন্ত অফাৰ লাভ কৰিব পাৰিব। এই অফাৰ নগদ বেহাই, বিনিময় বোনাছ আৰু কপ’ৰেট অফাৰৰ ৰূপত দিয়া হ’ব।
অৱশ্যে অফাৰৰ পৰিমাণ যিহেতু ডিলাৰশ্বিপ আৰু স্টক উপলব্ধতাৰ ওপৰতো নির্ভব কবে, সেয়ে গাড়ী ক্রয় কৰাৰ আগতে গ্রাহকে শ্ব’ৰূমত অফাৰৰ সবিশেষ পৰীক্ষা কৰি লোৱাটো জৰুৰী।
প্রসংগক্রমে উল্লেখ কৰিব পাৰি, হোণ্ডাৰ শেহতীয়াকৈ মুকলি কৰা চিটি স্প’র্ট নামৰ চিটি চেডানৰ বিশেষ সংস্কৰণ সংস্কৰণখনতো কে ‘বাটাও কচমেটিক আপডেট আৰু এড-অন দিয়া হৈছে।
চলিত বৰ্ষৰ আৰম্ভণিতে কোম্পানীটোরে চিটি ইঃএইছইভি হাইব্রিডত এক লাখ টকা পর্যন্ত বেহাই দিছিল, যাৰ বাবে ইয়াৰ মূল্য ১৯.৮৯ লাখ টকা (এক্স-শ্ব’কম) লৈ হ্রাস পাইছিল।
শীঘ্রেই মুক্তিলাভ এইকেইখন নতুন গাড়ীৰ
শীঘ্রেই কে’বাটাও প্রসিদ্ধ গাড়ী নির্মাতা কোম্পানী যেনে মাঝতি ছুজুকি, টাটা, বেন’, নিছান আৰু কিয়াই বজাৰত নিজৰ নতুন মিড ছাইজ এছইউভি মুকলি কৰিবলৈ সাজু হৈছে। এই আগন্তুক মডেলসমূহত গ্রাহকে নতুন ডিজাইন, শক্তিশালী ইঞ্জিন আৰু বহুতো উন্নত বৈশিষ্ট্য লাভ কৰিব।
মাৰুতি ছুজুকি এস্কাডো
ভাৰতত মাঝতি ছুজুকিয়ে মুকলি কৰিবলৈ ওলাইছে নিজব নতুন এছইউভি এস্কাডো। ইয়াত ১.৫ লিটাৰৰ পেট্র’ল ইঞ্জিনৰ লগতে শক্তিশালী হাইব্রিড আৰু চিএনজি বিকল্পও পোৱা যাব বুলি আশা কৰা হৈছে। পেনোৰামিক ছানকফ, অত্যাধুনিক বৈশিষ্ট্য আৰু এডিএছ প্রযুক্তিৰ স’তে এই এছইউভিখন ২০২৫ৰ শেষৰ ফালে অহাৰ সম্ভাৱনা আছে।
টাটা ছিয়েৰা
টাটা মটছে বজাৰত পুনৰ মুকলি কৰিবলৈ সাজু হৈছে নিজৰ আইকনিক ছিয়েৰা। এই মিড চাইজ এছইউভিখন তিনিওটা ভেৰিয়েন্টতে অহাৰ সম্ভাৱনা আছে – পেট্র’ল, ডিজেল আৰু ইলেক্ট্রিক। বৃহৎ ইনফ ‘টেইনমেন্ট স্ক্রীণ, ভেন্টিলেটেড চিট, সংযুক্ত গাড়ীৰ বৈশিষ্ট্য আৰু শক্তিশালী সুৰক্ষা পেকেজৰ স’তে ইয়াক ২০২৫ৰ শেষৰ ফালে মুকলি কৰাৰ সম্ভাৱনা আছে।
ৰেন’ ডাষ্টাৰ ফেচলিফফ্ট ৰেন’ই নিজৰ
জনপ্রিয় এছইউভি ডাষ্টাৰক সম্পূর্ণ নতুন অৱতাৰত আনিবলৈ সাজু হৈছে। নতুন মডেলখনত আধুনিক ডিজাইন, হাই গ্রাউণ্ড ক্লিয়াৰেন্স ১.৩ লিটাৰৰ টার্বো পেট্র’ল ইঞ্জিন আৰু অল হুইল ড্রাইভ (AWD) বিকল্প থকাৰ সম্ভাৱনা আছে। ২০২৫ ৰ শেষৰ ফালে ইয়াক মুকলি কৰাৰ সম্ভাৱনা আছে নিছানৰ নতুন এছইউভি মুক্তিলাভৰ অপেক্ষাত থকা ৰেন’ ডাষ্টাৰৰ আধাৰতে নিছানে মুকলি কৰিব এখন নতুন এছইউভি।
ডিজাইন আৰু বেজৰ পার্থক্য থকাৰ পাছতো বৈশিষ্ট্যসমূহ বেছিভাগেই ডাষ্টাৰৰ স’তে মিল থাকিব। অৱশ্যে ইয়াত ইন্টেৰিয়ৰ ৰঙৰ বিভিন্নতা আৰু বিশেষ প্ৰযুক্তিৰ পেকেজ পাব পাৰে। ২০২৬ৰ আৰম্ভণিতে মুকলি কৰা হ’ব এই এছইউভি।
কিয়া চেল্ট’ছ ফেচলিফ্ট
কিয়া মটছে ২০২৬ ৰ আৰম্ভণিতে নিজৰ বেষ্ট চেলাৰ এছইউভি চেল্ট’ ছৰ পৰৱৰ্তী প্ৰজন্মৰ মডেল মুকলি কৰাৰ পৰিকল্পনা কৰিছে। ইয়াত নতুন ডিজাইন, উন্নত এডিএএছ আৰু অধিক প্রিমিয়াম কেবিন থাকিব, যাৰ ফলত ই ক্ৰেতাৰ প্ৰত্যক্ষ প্রতিদ্বন্দ্বী হ’ব।
