প্ৰ’বায়’টি’ৰ প্ৰয়োজনীয়তাৰ বিষয়ে জানেনে?

images 8 4

Probiotics: ✒️আজিকালি বহুতো কোম্পানীয়ে নিজে প্রস্তুত কৰা খাদ্য সামগ্ৰীৰ টেমাত প্ৰ’বায়’টি’ থকাৰ দাবী কৰে। কিন্তু এই পদাৰ্থ আমাৰ স্বাস্থ্যৰ কাৰণে কিমান গুৰুত্বপূৰ্ণ সেই বিষয়ে সকলোৱে জনা উচিত। আমাৰ শৰীৰৰ প্ৰতিৰক্ষা কাৰিকৰী ব্যৱস্থা ইমানেই সবল যে অন্ত্রত থকা ক্ষতিকাৰক বেিেৰয়াৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ অস্ত্ৰত আগৰ পৰাই পাঁচ শতাধিক উপকাৰী বেশেৰয়া মজুত থাকে।

এইবোৰে আমাৰ খাদ্য হজম হোৱাত সহায় কৰে আৰু সেইবোৰৰ কাৰণেই আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ব্যৱস্থা সবল হৈ থাকে। যেতিয়া পাচন যন্ত্রত ক্ষতিকাৰক বেিেৰয়াৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰে, তেতিয়া পেটৰ বিষ, তৰল পায়খানা আৰু বমি আদি সমস্যাই আমাক হেঁচা মাৰি ধৰে।

কেতিয়াবা ভালদৰে পৰিষ্কাৰ নকৰা বা এন্টিবায়’টি’ৰ পার্শ্ব প্রতিক্ৰিয়াৰ কাৰণে অন্ত্রত মজুত হৈ থকা ক্ষতিকাৰক বেিেৰয়া সক্ৰিয় হৈ উঠে। ইয়াৰ ফলত অন্ত্ৰৰ বাহিৰা ঢাকনিখন নষ্ট হ’বলৈ আৰম্ভ কৰে। ফলস্বৰূপে, ডায়েৰিয়া, কলেৰা আদি ৰোগৰ লক্ষণে দেখা দিবলৈ ধৰে। এনেবোৰ পৰিস্থিতিতে আমাৰ পাচন যন্ত্রক প্র’বায়’টি’ৰ প্ৰয়োজন হয়।

কেনেদৰে হয় প্ৰতিৰক্ষাকাৰী

প্র’বায়’টি’ এনে এবিধ জৈৱিক উপাদান, যাক প্ৰধানকৈ বেশেৰিয়া আৰু ফেণত পোৱা যায়। ই অন্ত্ৰৰ কাৰ্যক্ষমতা বৃদ্ধি কৰাৰ উপৰি ইয়াৰ বাহিৰা ঢাকনিখনক সুৰক্ষাও প্ৰদান কৰে। ইয়াৰ উপৰি ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধিতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। প্ৰ’বায়’টি’ ক্ষতিকাৰক বেক্টেৰিয়া নষ্ট কৰি ডায়েৰিয়া, ক’লাইটিছ, এন্ট্রো ক’লাইটিছ, ইৰিটেবল বাউল ছিন্ড্র’ম (আই বি এছ) আৰু ক্রাঞ্চ ডিজিজৰ দৰে আমাৰ পাচনতন্ত্র সম্বন্ধীয় ৰোগৰ পৰা ৰক্ষা কৰে।

প্রধান উৎস

নামৰ দৈ হ’ল প্রাকৃতিক প্র’বায়’টি’ৰ সবাতোকৈ উত্তম উৎস। দৈত থকা লেশেবৈছি স্বাস্থ্যপ্রদ বেক্টেৰিয়াই আমাৰ পাচনতন্ত্রক সুস্থ বৰ ৰাখে। সতেজ পনীৰতো এই উপাদান পর্যাপ্ত পৰিমাণে পোৱা যায়। কিন্তু পনীৰ যদি বহু দেৰিলৈকে ৰন্ধা হয় বা গ্রিল কৰাৰ পাছত প্র’বায় ‘টিক উপাদান নষ্ট হৈ পৰে। পাউৰুটিতো এই উপাদান যথেষ্ট পৰিমাণে পোৱা যায়। আজিকালি ছাপ্লিমেন্ট পাউদাৰ হিচাপেও প্র’বায়’টি’ পোৱা যায়। বিশেষ দৃষ্টি ৰাখিব

⇨ পাচনতন্ত্রক সুস্থ কৰি ৰাখিবলৈ সদায় নির্দিষ্ট পৰিমাণৰ দৈ খাব।

⇨ দৈৰ বেক্টেৰিয়াক সুৰক্ষিত কৰি ৰাখিবলৈ দৈ জমা হোৱাৰ পাছতে ফ্রীজত থৈ দিব।

⇨ সতেজ দৈৰ ব্যৱহাৰ ২৪ ঘণ্টাৰ ভিতৰত কৰিব লাগে।

⇨ শৰীৰে গ্ৰহণ কৰিব নোৱৰা সমস্যা হ’লে এগিলাছ ফলৰ ৰসৰ স’তে প্ৰ’বায়’টি’ ছাপ্লিমেন্ট গ্রহণ কৰিব।

⇨ আজিকালি টেমাত থকা দৈ বা চীজৰ পেকেটৰ ওপৰত প্ৰ’বায়’টি’ৰ লেবেল লগা থাকে। কিন্তু সেই লেবেল চাই কোনো ভ্রান্ত ধাৰণাত পৰাৰ প্ৰয়োজন নাই। কাৰণ ঘৰত তৈয়াৰী সতেজ দৈত পর্যাপ্ত পৰিমাণে এই উপাদান লাভ কৰিব পাৰিব।

⇨ প্ৰ’বায় ‘টি’ৰ নামত বিক্ৰী হোৱা যিকোনো উৎপাদিত সামগ্রী ক্রয় কৰাৰ পূৰ্বে তাত থকা লেবেলখন ভালদৰে পঢ়িবলৈ নাপাহৰিব।

Exit mobile version