Donald Trump:✒️অৱশেষত তিনি বছৰতকৈও অধিক সময়ৰ মূৰত বৈঠকত বহিব ভ্লাদিমিৰ পুটিন আৰু ভলোদিমিৰ জেলেনস্কি! আৰু সেই বৈঠকখন আয়োজন কৰিবলৈ ওলাইছে ড’নাল্ড ট্ৰাম্পে। সোমবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে জনাইছে যে, তেওঁ ইতিমধ্যে পুটিনক ফোন কৰিছে।
শান্তি আলোচনা ক’ত হ’ব পাৰে সেই বিষয়ে আলোচনা কৰিছে ৰাষ্ট্ৰপতি দুগৰাকীয়ে। ট্ৰাম্পে জনাই যে তেওঁ পুটিন-জেলেনস্কিৰ বৈঠকত উপস্থিত থাকিব।
ট্ৰাম্পৰ স’তে সাক্ষাৎ কৰিবলৈ সোমবাৰে হোৱাইট হাউছলৈ যায় জেলেনস্কি। লগতে কেবাগৰাকীও ইউৰোপৰ ৰাষ্ট্ৰপতি।
প্ৰাপ্ত তথ্য অনুসৰি,ৱাশ্বিংটনত ভাৰতীয় সময় অনুসৰি নিশা ১০:৩০ বজাৰ পাছত এই বৈঠক আৰম্ভ হয় ।তাত আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে জনাইছে যে, যদিহে প্ৰয়োজন হয় ইউৰোপীয় দেশসমূহৰ নিৰাপত্তাৰ স্বাৰ্থত যিকোনো সামৰিক কাৰ্য্যৰ নেতৃত্ব দিবলৈ আমেৰিকা সাজু।
কেৱল সেয়াই নহয়, তেওঁ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ কাষত থিয় দিয়াৰ বাৰ্তাও আগবঢ়ায়।
বৈঠকৰ অন্তত ট্ৰাম্পে ট্ৰুথ ছ’চিয়েলত এটা দীঘলীয়া পোষ্ট শ্বেয়াৰ কৰে । তেওঁ লিখিছে, “অভাল অফিচৰ বৈঠকখন আছিল এক বৃহৎ সফলতা। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন, ইটালীৰ প্ৰধানমন্ত্ৰী জিঅৰ্জি মেলোনি, ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰসহ একাধিক গুৰুত্বপূৰ্ণ ব্যক্তি উপস্থিত আছিল।আমি ইউক্ৰেইনৰ নিৰাপত্তাৰ স’তে জড়িত বিষয়সমূহৰ ওপৰত আলোচনা কৰিলোঁ। ইউৰোপীয় দেশসমূহে আমেৰিকাৰ সহযোগত ইউক্ৰেইনৰ নিৰাপত্তা নিশ্চিত কৰিব।’
ট্ৰাম্পে লগতে কয় যে ৰাছিয়া আৰু ইউক্ৰেইনত শান্তি ঘূৰাই অনাৰ বাবে দুয়োখন দেশৰ মুৰব্বীৰ মাজত বৈঠক অনুষ্ঠিত কৰাৰ চেষ্টা চলাইছে।
ট্ৰাম্পে লগতে কয় যে ৰাছিয়া আৰু ইউক্ৰেইনত শান্তি ঘূৰাই অনাৰ বাবে দুয়োখন দেশৰ মুৰব্বীক বৈঠকত মিলিত হোৱাৰ চেষ্টা চলাইছে। প্ৰথমে পুটিন আৰু জেলেনস্কিৰ মাজত আলোচনা হ’ব। তাৰ পাছত ট্ৰাম্পে নিজেই ৰাষ্ট্ৰপতি দুগৰাকীৰ স’তে বৈঠকত বহিব।
প্ৰায় চাৰি বছৰ ধৰি চলি থকা যুদ্ধৰ অন্ত পৰিব বুলি আশাবাদী আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকী। প্ৰাপ্ত তথ্য অনুসৰি,ট্ৰাম্পে পুটিনৰ স’তে প্ৰায় ৪০ মিনিট সময় ফোনত কথা পাতিছিল। সূত্ৰই জনোৱা মতে, আলোচনা যথেষ্ট ইতিবাচক আছিল।






























