চলিত বৰ্ষৰ আহমেদাবাদৰ বিমান দুৰ্ঘটনাই বিশ্ববাসীক কঁপাই তুলিছে । সেই দুৰ্ঘটনাৰ পাছৰে পৰা বিভিন্ন কোম্পানীৰ বিমানত কেবাটাও কাৰিকৰী ত্ৰুটি পোহৰলৈ আহিছে। ইয়াৰ বাবে বহু বিমান সেৱা বাতিল হৈছে।
অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে সোমবাৰে ৰাজ্যসভাত চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা জুনলৈ বাতিল হোৱা বিমানৰ সংখ্যা সন্দৰ্ভত তথ্য দাখিল কৰে।
তেওঁলোকে প্ৰদান কৰা তথ্য অনুসৰি ভাৰতৰ শীৰ্ষ বিমান সংস্থাসমূহে জানুৱাৰীৰ পৰা জুনলৈ ৫৭০০ৰো অধিক বিমান বাতিল কৰিছে।
উল্লেখ্য যে,ভাৰত আৰু পাকিস্তান আৰু ইৰাণ আৰু ইজৰাইলৰ মাজত চলি থকা যুদ্ধৰ বাবেও এই বিমান বাতিলৰ কাৰণ । পাকিস্তানে এতিয়াও ভাৰতীয় বিমান সংস্থাৰ বাবে নিজৰ আকাশমাৰ্গ বন্ধ কৰি ৰাখিছে।ইয়াৰ ফলত পশ্চিমীয়া দেশসমূহত বিমান সেৱাত ব্যাঘাত জন্মিছে।
ভাৰতৰ পৰা আমেৰিকা আৰু ইউৰোপৰ বিভিন্ন দেশলৈ বিমানে বহু বাটভ্ৰমণ কৰিব লগা হৈছে। ফলত ইয়াৰ বাবে বহু সময় লাগে, লগতে ইন্ধন অধিক খৰচ হয়। যাৰ বাবে যোৱা কেইমাহমানত বহু বিমান সেৱা বাতিল কৰা হৈছে।
তদুপৰি অপাৰেচন সিন্দুৰৰ সময়ত উত্তৰ আৰু পশ্চিম ভাৰতৰ বহু বিমানবন্দৰত অসামৰিক বিমান পৰিবহণৰ কাম স্থগিত ৰখা হৈছিল। সেই সময়ছোৱাতো বহু বিমান বাতিল হৈছিল।
অসামৰিক বিমান পৰিবহণৰ ৰাজ্যিক মন্ত্ৰী মুৰলীধৰ মোহলে ৰাজ্যসভাত এই তথ্য প্ৰদান কৰে। তথ্য অনুসৰি দেশৰ সৰ্ববৃহৎ বিমান সংস্থা ইণ্ডিগ’ই জানুৱাৰীৰ পৰা জুনলৈ সৰ্বাধিক বিমান সেৱা বাতিল কৰিছে। তাৰে ৩২৭৪খন বিমান বাতিল কৰিছে।
যিটো মুঠ বাতিলৰ প্ৰায় ৫৭ শতাংশ। ইয়াৰ পাছতে এয়াৰ ইণ্ডিয়া। এই বিমান সংস্থাটোৱে ১৪৬৮খন বিমান বাতিল কৰিছে। যিটো মুঠ বাতিলৰ প্ৰায় ২৬ শতাংশ। স্পাইচজেটে প্ৰায় সাত শতাংশ বা ৪০১খন বিমান বাতিল কৰিছে।
আকাছা এয়াৰে ৬৪খন বিমান বাতিল কৰিছে, যিটো মুঠ বাতিলৰ প্ৰায় ১.১ শতাংশ। চৰকাৰী আঞ্চলিক বিমান সংস্থা এলায়েন্স এয়াৰে ৪৯৯খন বিমান বাতিল কৰিছে, যিটো মুঠ বাতিলৰ ৮.৭ শতাংশ।
এই পাঁচটা বিমান সংস্থাই মুঠ ৫৭২,০৭৯খন বিমানৰ ভিতৰত ৫,৭০৬খন বিমান বাতিল কৰিছে। ৰাজ্যিক মন্ত্ৰী মোহলে কয় যে, “বিমান যাত্ৰাৰ পলম হোৱাৰ উপৰিও বাতিলৰ বাবে বিমান সংস্থাসমূহে অতিৰিক্ত খৰচ কৰিবলগীয়া হৈছে।”
কিন্তু এই সকলোবোৰৰ মাজত ভাল খবৰটো হ’ল যে যোৱা বছৰৰ তুলনাত ২০২৫ চনৰ জানুৱাৰীৰ পৰা জুনলৈ দেশীয় বিমান সংস্থাত যাত্ৰীৰ সংখ্যা ৭.৩৪ শতাংশ বৃদ্ধি পাইছে।






























