Karnataka:Karnataka:✒️পথত কুকুৰক লৈ উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশৰ পাছতে দেশজুৰী বিতৰ্ক অব্যাহত আছে। সেই পৰিৱেশতে সম্প্ৰতি বেংগালুৰুৰ এখন চিকিৎসালয়ত ৰেবিজ ৰোগত আক্ৰান্ত হৈ চাৰি বছৰীয়া শিশুৰ মৃত্যু হয়।
কৰ্ণাটকৰ দেৱংগীৰিৰ বাসিন্দা কিশোৰীগৰাকীক তিনিমাহ পূৰ্বে এটা পথৰ কুকুৰে কামুৰিছিল। শিশুটিৰ মৃত্যুৱে এতিয়া পথৰ কুকুৰক লৈ হোৱা বিতৰ্ক পুনৰ জগাই তুলিছে।
আৰক্ষীৰ সূত্ৰ অনুসৰি মৃত শিশুটিৰ নাম খাদিৰা বানু। যোৱা এপ্ৰিল মাহত শিশুটিয়ে নিজৰ ঘৰৰ সন্মুখত খেলি থকা অৱস্থাতে পথৰ কুকুৰৰ জাকে খাদিৰাক আক্ৰমণ কৰে।
কুকুৰৰ জাকে তাইৰ মুখ আৰু শৰীৰৰ বিভিন্ন অংশত কামুৰে। গুৰুতৰভাৱে আহত শিশুটিক প্ৰথমে স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
পাছত উন্নত চিকিৎসাৰ আশাত শিশুটিক বেংগালুৰুৰ ৰাজীৱ গান্ধী চিকিৎসালয়লৈ অনা হয়। যদিও প্ৰথমে চিকিৎসাৰ প্ৰতি সঁহাৰি জনাইছিল, শেহতীয়াকৈ তেওঁৰ বমি আৰম্ভ হয়। তাৰ পাছত শাৰীৰিক পৰীক্ষাত খদিৰা ৰেবিজ ৰোগত আক্ৰান্ত হোৱা বুলি জানিব পৰা যায়। অৱশেষত মঙলবাৰে শিশুটিৰ মৃত্যু হয় ।
মৃত শিশুটিৰ ককাকে দাবী কৰিছে যে তেওঁলোকে খাদিৰাৰ চিকিৎসাৰ বাবে ৯-১০ লাখ টকা খৰচ কৰিছিল। সকলো চেষ্টা কৰিলে। যদিও শিশুটিক বচোৱা সম্ভৱ নহ’ল। তেওঁ অভিযোগ কৰে যে দেৱাংগীৰিত পথৰ কুকুৰৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে।কিন্তু এই সমস্যা সমাধানৰ বাবে কোনেও কোনো পদক্ষেপ লোৱা নাই।
তেওঁ কয়, “খাদিৰাৰ লগত যি হ’ল, আন কাৰোবাৰ লগত হ’ব নালাগে।”
কিছুদিন পূৰ্বে দেশজুৰি চলি থকা বিতৰ্কৰ মাজতে কৰ্ণাটকৰ পথৰ কুকুৰৰ বিষয়ে এক চাঞ্চল্যকৰ প্ৰতিবেদন পোহৰলৈ আহিছে।
ইয়াত কোৱা হৈছে যে চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা আগষ্টৰ ভিতৰত ৰাজ্যত ২,৮৬,০০০ টা কুকুৰে কামোৰাৰ ঘটনা সংঘটিত হৈছিল। আনহাতে, সাত মাহত জলাতংক ৰোগত আক্ৰান্ত হৈ ২৬ জন লোকৰ মৃত্যু হয়।
চাৰি আগষ্টৰ পৰা ১০ আগষ্টৰ ভিতৰতহে কুকুৰে কামোৰাৰ ৫,৬৫২টা ঘটনা পোহৰলৈ আহিছে।
বিপথগামী কুকুৰৰ আক্ৰমণৰ সংখ্যা সৰ্বাধিক বিজয়াপুৰাত (১৫,৫২৭), বেংগালুৰু (১৩,৮৩১), হাছান (১৩,৩৮৮), দক্ষিণ কানাড়া (১২,৫২৪) আৰু বাগালকোট (১২,৩৯২)ত।






























