Doboka:
শূন্য সহনশীলতাৰ কথা কোৱা চৰকাৰ খনৰ সাৱধান বাণীক বুঢ়া আঙুলি দেখুৱাই একাংশ বিষয়া -কৰ্মচাৰীয়ে চলাই গৈছে লুণ্ঠন ৷ উৎকোচ অবিহনে কামেই নকৰে একাংশ ঘোচখোৰৰ ৷
আনহাতে শেহতীয়াকৈ প্রমাণ পত্ৰৰ দিয়াৰ নামত গাওঁ প্ৰধানে ধন লোৱাৰ অভিযোগ উদ্থাপিত হৈছে ৷
হোজাই জিলাৰ ডবকাৰ নিজ ডবকা গাঁৱৰ মৃদুল লস্কৰ নামৰ গাঁও প্ৰধান গৰাকীয়ে টকাৰ বিনিময়ত প্রমাণপত্ৰ দিয়াৰ গুৰুতৰ অভিযোগ উঠিছে ৷ গাঁওবুঢ়া গৰাকীৰ হৈ তেওঁৰে ভতিজা বল্লৱ লস্কৰে টকা লোৱাৰ দৃশ্য বন্দী হৈছে কেমেৰাত। এই ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ডবকাত ৷ সচেতন মহলে ঘোচখোৰ গাঁও প্ৰধান মৃদুল লস্কৰৰ ওপৰত বিহীত ব্যৱস্থা লোৱাৰ দাবী কৰিছে
ADVERTISEMENT






























