Garubondha PolyClinik :
ৰাজ্যত ঠায়ে ঠায়ে কাঠফুলাৰ দৰে গঢ়ি উঠিছে নাৰ্চিং হোম,পলি ক্লিনিক চেন্টাৰ ৷ শোণিতপুৰৰ মিছামাৰীৰ গৰুবন্ধাত এবছৰ পূৰ্বে গঢ় লৈ উঠা গৰুবন্ধা পলি ক্লিনিকত মঙলবাৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ ক্লিনিকখনৰ বিৰুদ্ধে উঠিছে বিভিন্ন অভিযোগ। ক্লিনিকখনৰ স্বত্বাধিকাৰী আব্দুল ৰফিকে এগৰাকী হিন্দু সম্প্ৰদায়ৰ যুৱতীক নানান প্ৰলোভন দি শালিনতা হানিৰ অপচেষ্টা চলোৱাৰ অভিযোগ উঠিছে।
ক্লিনিকখনত নাৰ্চ হিচাপে কৰ্মৰত জীয়াগাভৰু গাঁৱৰ যুৱতী গৰাকীক দৰিদ্ৰতাৰ সুযোগ গ্ৰহণ কৰি আব্দুল ৰফিকে প্ৰথমতে প্ৰেমৰ প্ৰস্তাৱ দি শালিনতাৰ হানিৰ চেষ্টা কৰিছিল। ঘটনাৰ সন্দৰ্ভত যুৱতী গৰাকীয়ে ন্যায় বিচাৰি মিছামাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পাছতে ৰাইজ ক্ষুব্ধ হৈ পৰে।
হিন্দু যুৱতীৰ ওপৰত বিবাহিত পলি ক্লিনিকখনৰ লম্পট চৰিত্ৰৰ স্বত্বাধিকাৰীজনৰ কৰ্মকাণ্ডত বিভিন্ন দল-সংগঠন জাঙুৰ খাই উঠে। পাছতক্লিনিকখনৰ চৌহদত ৰাইজ উপস্থিত হৈ পৰিস্থিতি উত্তপ্ত কৰি ব্যক্তিগত নাচিংহোমখন বন্ধ কৰাৰ দাবী তোলে। ব্যক্তিগত নাৰ্চিং হোমখনৰ বিৰুদ্ধে ৰাইজে নানা অভিযোগ তোলাৰ লগতে ৰোগীৰ চিকিৎসাৰ নামত অধিক মাছুল সংগ্ৰহ কৰি সৰ্বসাধাৰণ ৰাইজক টেটু চেপা দি আহিছিল।
ইতিমধ্যে ঢেকিয়াজুলি আৰক্ষীয়ে আব্দুল ৰফিকক আটক কৰে। অসম চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী অশোক সিংঘালৰ গৃহ সমষ্টিত ব্যক্তিগত নাৰ্চিং হোম খুলি ৰোগীৰ চিকিৎসাৰ নামত লুণ্ঠন চলাই অহা গৰুবন্ধা পলি ক্লিনিকখনৰ বিৰুদ্ধে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া সময়ত হ’ব অতি লক্ষণীয়।






























